உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • টাৰ্গেট ৪০০! PKৰ ২০২৪ৰ ফৰ্মূলা ছোনিয়া গান্ধিলৈ, দ্বিতীয় বিকল্প কি?

    টাৰ্গেট ৪০০! PKৰ ২০২৪ৰ ফৰ্মূলা ছোনিয়া গান্ধিলৈ, দ্বিতীয় বিকল্প কি?

    Sonia Gandhi-Prashant Kishor Meeting: জানিব পৰা মতে প্ৰশান্ত কিশোৰৰ পৰামৰ্শসমূহ কাৰ্যকৰী কৰিবলৈ ছোনিয়া গান্ধীয়ে বিশ্বস্ত কংগ্ৰেছ নেতাৰে সৰু টীম এটা গঠন কৰিবলৈ আগবাঢ়িছে।

    • Share this:
    দেশৰ ৰাজনীতিত চাঞ্চল্যৰ সৃষ্টি কৰি কংগ্ৰেছ (Congress) সভানেত্ৰী ছোনিয়া গান্ধী (Sonia Gandhi)ক সাক্ষাত কৰিলে নিৰ্বাচন কুশলী প্ৰশান্ত কিশোৰে (Prashant Kishor)। তিনি ঘণ্টাৰো অধিক সময় ধৰি চলা আলোচনাকালত প্ৰশান্ত কিশোৰে, যাক সকলোৱে PK বুলিয়েই মাতে, ছোনিয়া গান্ধীক কেইবাটাও পৰামৰ্শ দিয়ে। এই আলোচনাৰ অন্তত এটা কথা প্ৰায় স্পষ্ট হৈ পৰিছে যে আগন্তুক দিনত কংগ্ৰেছত প্ৰশান্ত কিশোৰৰ ভূমিকা অতিকে গুৰুত্বপূৰ্ণ হ'ব পাৰে।

    এই আলোচনাত প্ৰশআন্ত কিশোৰে দুটা কথাত সৰ্বাধিক গুৰুত্ব দিয়া বুলি জানিব পৰা গৈছে। এটা হৈছে- কংগ্ৰেছে ২০২৪ত জয়ৰ সম্ভাৱনা থকা ৩৫০ৰ পৰা ৪০০ সমষ্টি বাচি উলিয়াব লাগিব। দ্বিতীয়টো হৈছে অন্য দলৰ সৈতে মিত্ৰতা কৰিবই লাগিব আৰু কংগ্ৰেছে এইটো গুৰুত্বসহকাৰে ল'ব লাগিব। এই পৰামৰ্শ দুটা ছোনিয়া গান্ধীক দিছে বুলি সূত্ৰযোগে জানিব পৰা গৈছে।

    দুটা কথা আৰু পোহৰলৈ আহিছে এই আলোচনাৰ পিছত। এটা হৈছে এই যে কংগ্ৰেছ দলে ২০২৪তে পুনৰ শাসন ক্ষমতা দখল কৰিবলৈ উদগ্ৰীৱ হৈ আছে। আনটো হৈছে, প্ৰশান্ত কিশোৰে অচিৰেই কংগ্ৰেছত যোগদান কৰিব নেকি। এই পৰ্যন্ত এই বিষয়ত কোনো নিশ্চিত তথ্য অৱশ্যেই নাই।

    জানিব পৰা মতে প্ৰশান্ত কিশোৰৰ পৰামৰ্শসমূহ কাৰ্যকৰী কৰিবলৈ ছোনিয়া গান্ধীয়ে বিশ্বস্ত কংগ্ৰেছ নেতাৰে সৰু টীম এটা গঠন কৰিবলৈ আগবাঢ়িছে।
    Published by:Manjumoni Borah
    First published: