• Home
  • »
  • News
  • »
  • nation
  • »
  • বিদ্যালয়ৰ শৌচালয়ত সন্তান প্ৰসৱ কৰিলে ছাত্ৰীয়ে, কলমেৰে কাটিলে আম্বিলিকেল ক’ৰ্ড!

বিদ্যালয়ৰ শৌচালয়ত সন্তান প্ৰসৱ কৰিলে ছাত্ৰীয়ে, কলমেৰে কাটিলে আম্বিলিকেল ক’ৰ্ড!

প্ৰতীকী ফটো

প্ৰতীকী ফটো

আৰক্ষীৰ সূত্ৰে জনা গৈছে যে জেৰাত কিশোৰীগৰাকীয়ে জনাইছে যে শিশুটি ভূমিস্থ হোৱাৰ পিছত তেওঁ কলমেৰে কাটিছিল আম্বিলিকেল ক’ৰ্ড।

  • Share this:
চৰকাৰী বিদ্যালয়ৰ স্কুলৰ শৌচালয়ৰ উদ্ধাৰ হৈছিল এটি সদ্যোজাতৰ মৃতদেহ। ঘটনাৰ চাৰিদিন পিছত আৰক্ষীৰ তদন্তত পোহৰলৈ আহিল যে সদ্যোজাত শিশুটি জন্ম দিছিল বিদ্যালয়খনৰে এগৰাকী একাদশ শ্ৰেণীৰ ছাত্ৰীয়ে। আৰক্ষীৰ দাবী, জেৰাত কিশোৰীগৰাকীয়ে স্বীকাৰ কৰিছে এই কথা। জনাইছে যে ক্লাছ চলি থকাৰ সময়তে ছাত্ৰীগৰাকীৰ প্ৰসৱ বেদনা আহিছিল। ইয়াৰ পিছতে ছাত্ৰীগৰাকীয়ে শৌচালয়লৈ গৈ এটি সন্তান জন্ম দিয়ে। এই ঘটনাক লৈ এতিয়া হতবাক সকলো। ঘটনাটো সংঘটিত হৈছে তামিলনাডুৰ (Tamilnadu) কাড্ডালোৰ জিলাৰ চিদম্বৰম চহৰত।

আৰক্ষীৰ সূত্ৰে জনা গৈছে যে জেৰাত কিশোৰীগৰাকীয়ে জনাইছে যে শিশুটি ভূমিস্থ হোৱাৰ পিছত তেওঁ কলমেৰে কাটিছিল আম্বিলিকেল ক’ৰ্ড। আৰক্ষীৰ ধাৰণা, প্ৰসৱৰ সময়ত অসাৱধানতাৰ বাবে মৃত্যু হয় সদ্যোজাত শিশুটিৰ। অৱশ্যে ছাত্ৰীগৰাকীয়ে আৰক্ষীক জনায় যে তেওঁ মৃত সন্তান প্ৰসৱ কৰিছে। তথাপি আৰক্ষীৰ ধাৰণা, প্ৰসৱকালীন সহায় পোৱা হ’লে হয়তো মৃত্যু নহ’৸লহেঁতেন শিশুটিৰ।

তদন্তত ছাত্ৰীগৰাকীয়ে স্বীকাৰ কৰিছে যে স্কুলৰ শৌচালয়ৰ সমীপত উদ্ধাৰ হোৱা মৃত সদ্যোজাত শিশুতি তেওঁ প্ৰসৱ কৰিছে। তেওঁ যে অন্তঃসত্ত্বা সেই কথা পৰিয়ালৰ লোকে জনা নাছিল। ঘটনাত জড়িত থকাৰ সন্দেহত কিশোৰীগৰাকীৰ আত্মীয়সহ কেইবাজনো গাঁওবাসীক আটক কৰিছে আৰক্ষীয়ে। অৱশ্যে শিশুটিৰ পিতৃ পৰিচয় এতিয়াও উদ্ধাৰ হোৱা নাই। বৰ্তমান কিশোৰীগৰাকী চিকিৎসাধীন।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি