• Home
  • »
  • News
  • »
  • nation
  • »
  • পক্ষী প্ৰেমৰ অনন্য নিদৰ্শন, সমূহীয়া বৰ্ডত চৰায়ে ঘৰ সাজি পাৰিলে কণী, ৩৭ দিন ধৰি অন্ধকাৰতে কটাইছে গাওঁবাসীয়ে

পক্ষী প্ৰেমৰ অনন্য নিদৰ্শন, সমূহীয়া বৰ্ডত চৰায়ে ঘৰ সাজি পাৰিলে কণী, ৩৭ দিন ধৰি অন্ধকাৰতে কটাইছে গাওঁবাসীয়ে

তামিলনাডুৰ শিৱগংগা জিলাৰ এখন গাওঁৰ লোকে যোৱা ৩৭ দিন অন্ধকাৰত নিশা পাৰ কৰিছে

তামিলনাডুৰ শিৱগংগা জিলাৰ এখন গাওঁৰ লোকে যোৱা ৩৭ দিন অন্ধকাৰত নিশা পাৰ কৰিছে

তামিলনাডুৰ শিৱগংগা জিলাৰ এখন গাওঁৰ লোকে যোৱা ৩৭ দিন অন্ধকাৰত নিশা পাৰ কৰিছে

  • Share this:
তামিলনাডুৰ শিৱগংগা জিলাৰ এখন গাওঁৰ লোকে যোৱা ৩৭ দিন অন্ধকাৰত নিশা পাৰ কৰিছে। যোৱা এমাহৰো অধিক কাল গাওঁখনত জ্বলা নাই এটাও  ষ্ট্ৰীট লাইট। ইয়াৰ কাৰণ কোনো যান্ত্ৰিক বিজুতি নহয়। কাৰণটো হৈছে গাওঁৰ ৰাস্তাত থকা লাইটৰ চুইছ বৰ্ড খনত চৰায়ে বাহ সাজি কণী পাৰি উমনি দিছে।

ইংৰাজী দৈনিক টাইমছ অৱ ইণ্ডিয়াত উল্লেখ কৰা মতে, গাওঁখনৰ এগৰাকী কলেজীয়া ছাত্ৰই এই দৃশ্য প্রত্যক্ষ কৰে। ২০ বছৰীয়া ছাত্ৰ জনে কয় – "ল’কডাউন আৰম্ভ হোৱাৰ লগে-লগে মই প্ৰত্যক্ষ কৰিছিলো ইণ্ডিয়ান ৰবিন প্ৰজাতিৰ পক্ষীয়ে এডাল-এডাল কৈ খেৰ আনি সমূহীয়া চুইছ বৰ্ড খনত ঘৰ সাজিছে। সমীপলৈ গৈ প্ৰত্যক্ষ কৰাত দেখা পাওঁ সেউজীয়া বৰণৰ কণী।“

তাৰ পাছতে যুৱকে জনে তেওঁৰ বন্ধুৰ সৈতে লগা লাগি চৰাই জনীয়ে শান্তিৰে যাতে উমনি দি পোৱালী দিব পাৰে, সেয়া সুনিশ্চিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। কিন্তু এই কামত গাওঁ খনৰ ১০০ খন ঘৰৰ প্ৰতিজন লোকক সহমতত উপনীত কৰোৱা কামটো আছিল অতিকৈ প্ৰয়োজন। অৱশেষত গাঁওবুঢ়াৰে মিলি লোকসকলক পতিয়ন নিয়া হ’ল। আৰু ইয়াৰ ফলতে যোৱা ৩৭ দিন গাওঁখনত জ্বলোৱা হোৱা নাই ষ্ট্ৰীট লাইট। সেই চুইছ বৰ্ড খনত ৩৫টা লাইটৰ চুইছ একেলগে আছে।

গাওঁ-বাসীয়ে জনোৱা মতে, এইকেইটা দিন তেওঁলোকে টৰ্চ আৰু মোবাইল ফোনৰ লাইটৰে কাম চলাইছে। ইতিমধ্যে কণী ফুটি পোৱালী ওলাইছে আৰু পোৱালী কেইটাৰ পাখীও গজিছে; উৰিবলৈ শিকি চৰাই কেইটাই সেই স্থান ত্যাগ কৰাৰ পাছতহে গাওঁত লাইট জ্বলিব বুলি জানিবলৈ দিছে গাওঁৰ লোকে।
Published by:Himangshu Bhuyan
First published: