• Home
  • »
  • News
  • »
  • nation
  • »
  • ভগৱানেই যেন শেষ ভৰসা! কোৰোণা দেৱীৰ মূৰ্তি বনাই এই প্ৰসিদ্ধ মন্দিৰত কৰা হৈছে পূজা-অৰ্চনা

ভগৱানেই যেন শেষ ভৰসা! কোৰোণা দেৱীৰ মূৰ্তি বনাই এই প্ৰসিদ্ধ মন্দিৰত কৰা হৈছে পূজা-অৰ্চনা

Photo : India Today

Photo : India Today

কোভিড মহামাৰীৰ সংহাৰৰ পৰা দেশবাসীক ৰক্ষা কৰিবলৈ মন্দিৰটোৰ পৰিচালনা সমিতিয়ে গ্ৰহণ কৰিছে এই সিদ্ধান্ত।

  • Share this:
মহামাৰী কোৰোণাৰ দ্বিতীয় ঢৌৰ সংহাৰে দেশজুৰি এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ বাবে এতিয়া ভয়-শংকাত দিন কটাবলগীয়া হৈছে দেশৰ জনতাই। কোৰোণাৰ পৰা পৰিত্ৰাণ পাবলৈ আনকি যিকোনো কাম কৰিবলৈ সাজু হৈ পৰিছে মানৱ জাতি। কিন্তু কাল কোৰোণাৰ পৰিস্থিতিত কোনোধৰণৰ পৰিৱৰ্তন নহাত এতিয়া ভগৱাানৰ আৰাধনা যেন মানুহৰ একমাত্ৰ উপায় হৈ পৰিছে। যাৰ বাবে তামিলনাডুত সজা হৈছে কোৰোণা দেৱীৰ মূৰ্তি, প্ৰতিদিনে পুৱা-গধুলি কৰা হৈছে পূজা-অৰ্চনা।

এয়া তামিলনাডুৰ প্ৰসিদ্ধ কইম্বাটুৰ কামচিপুৰী মন্দিৰ, য'ত কোৰোণা দেৱীৰ মূৰ্তিৰ আকৃতি সাজি পূজা কৰা হৈছে। কোভিড মহামাৰীৰ সংহাৰৰ পৰা দেশবাসীক ৰক্ষা কৰিবলৈ মন্দিৰটোৰ পৰিচালনা সমিতিয়ে গ্ৰহণ কৰিছে এই সিদ্ধান্ত।

মন্দিৰটোৰ দায়িত্বত থকা শিৱলিংগেশ্বৰে এই সম্পৰ্কত কৈছিল যে মানুহক প্লেগ আৰু ৰোগৰ পৰা সুৰক্ষিত কৰাৰ বাবে দেৱতা সৃষ্টি কৰাটো এটা অভ্যাস হৈ আহিছে। তামিলনাডুত এনে ধৰণৰ কেইবাটাও দেৱতা আছে, যেনে কইম্বাটুৰৰ প্লেগ মাৰিয়াম্মান মন্দিৰ। মানুহে বিশ্বাস কৰিছিল যে অতীজত দেৱতাসকলে প্লেগ আৰু কলেৰাৰ প্ৰাদুৰ্ভাৱৰ সময়ত নাগৰিকসকলক সুৰক্ষা প্ৰদান কৰিছিল।

আৰু এই বিশ্বাসক সৰোগত কৰিয়েই তামিলনাডুৰ এই মন্দিৰত কোৰোণা দেৱীৰ মূৰ্তি স্থাপনেৰে কৰা হৈছে পূজা -অৰ্চনা। লগতে মন্দিৰত হোম অনুষ্ঠিত কৰাৰো সিদ্ধান্ত লোৱা হৈছে, য'ত প্ৰাৰ্থনাৰ বাবে উপস্থিত থাকিব নোৱাৰিব সাধাৰণ নাগৰিক।

উল্লেখ্য যে, দেশত কোভিড সংক্ৰমণ বৃদ্ধিৰ লগে লগে তামিলনাডুতো বৃদ্ধি পাইছে সংক্ৰমণৰ ঘটনা। যাৰ পৰিপ্ৰেক্ষিততে তামিলনাডু চৰকাৰে কোৰোণা প্ৰতিৰোধৰ বাবে কঠোৰ লকডাউন ঘোষণা কৰিছিল। নতুন লকডাউনৰ নিয়ম অনুসৰি ৰাজ্যখনত পুৱা ৬ বজাৰ পৰা ১০ বজালৈহে খোলা থাকে খাদ্য-সামগ্ৰীৰ দোকান পোহাৰ।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি