• Home
  • »
  • News
  • »
  • nation
  • »
  • Tamil Nadu Helicopter Crash: তামিলনাডুৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ তথ্য প্ৰধানমন্ত্ৰীক দিলে প্ৰতিৰক্ষা মন্ত্ৰীয়ে, জৰুৰীকালীন কেবিনেট বৈঠক আহ্বান

Tamil Nadu Helicopter Crash: তামিলনাডুৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ তথ্য প্ৰধানমন্ত্ৰীক দিলে প্ৰতিৰক্ষা মন্ত্ৰীয়ে, জৰুৰীকালীন কেবিনেট বৈঠক আহ্বান

হেলিকপ্টাৰত চীফ অব ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱট, তেওঁৰ পত্নী, নিৰাপত্তাৰক্ষী, সুৰক্ষা কমাণ্ডো আৰু বায়ুসেনাৰ পাইলটসহ মুঠ ১৪জন লোক আছিল।

হেলিকপ্টাৰত চীফ অব ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱট, তেওঁৰ পত্নী, নিৰাপত্তাৰক্ষী, সুৰক্ষা কমাণ্ডো আৰু বায়ুসেনাৰ পাইলটসহ মুঠ ১৪জন লোক আছিল।

হেলিকপ্টাৰত চীফ অব ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱট, তেওঁৰ পত্নী, নিৰাপত্তাৰক্ষী, সুৰক্ষা কমাণ্ডো আৰু বায়ুসেনাৰ পাইলটসহ মুঠ ১৪জন লোক আছিল।

  • Share this:
তামিলনাডুৰ কুন্নুৰত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাত (Tamil Nadu Helicopter Crash) পতিত হোৱাৰ তথ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক (Narendra Modi) জনালে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে (Rajnath Singh)। ইয়াৰ পিছতে কেন্দ্ৰীয় কেবিনেটৰ এখন জৰুৰীকালীন বৈঠক আহ্বান কৰা হয়। আজি কইম্বাটুৰ আৰু ছুলুৰৰ মাজত সেনাৰ এখন হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হয়, য’ত চীফ অব ডিফেন্স ষ্টাফ বিপিন ৰাৱট, তেওঁৰ পত্নীসহ ১৪জন লোক আছিল।

সংবাদ প্ৰতিষ্ঠান ANIৰ মতে, তিনিজন লোক গুৰুতৰভাৱে আহত হৈছে আৰু তেওঁলোকক হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। কইম্বাটুৰ আৰু ছুলুৰৰ মাজত দুৰ্ঘটনাগ্ৰস্ত হয় এমআই–ছিৰিজৰ হেলিকপ্টাৰখন।

হেলিকপ্টাৰত চীফ অব ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱট, তেওঁৰ পত্নী, নিৰাপত্তাৰক্ষী, সুৰক্ষা কমাণ্ডো আৰু বায়ুসেনাৰ পাইলটসহ মুঠ ১৪জন লোক আছিল। ভাৰতীয় বায়ুসেনাই দুৰ্ঘটনাৰ পিছতে এক বিজ্ঞপ্তিযোগে জনায় যে চিডিএছ জেনেৰেল বিপিন ৰাৱটক কঢ়িয়াই নিয়া এখন IAF Mi-17V5 হেলিকপ্টাৰ তামিলনাডুৰ কুন্নুৰৰ সমীপত দুৰ্ঘটনাগ্ৰস্ত হয়। দুৰ্ঘটনা সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিয়া হৈছে।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি