உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Tamil Nadu BJP | Hindi: ''তামিল দেশৰ সংযোগী ভাষা হওক, আন ৰাজ্যবোৰে স্কুলত তামিল শিকোৱাত উদ্যোগ লওক মুখ্যমন্ত্ৰীয়ে'' - তামিলনাডু বিজেপি

    Tamil Nadu BJP | Hindi: ''তামিল দেশৰ সংযোগী ভাষা হওক, আন ৰাজ্যবোৰে স্কুলত তামিল শিকোৱাত উদ্যোগ লওক মুখ্যমন্ত্ৰীয়ে'' - তামিলনাডু বিজেপি

    বিজেপি নেতা আন্নামালায়ে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনক সকলো ৰাজ্য চৰকাৰলৈ নিজ-নিজ ৰাজ্যৰ অতি কমেও ১০খন বিদ্যালয়ত তামিল শিকাবলৈ ক’বলৈ আহ্বান জনায় 

    বিজেপি নেতা আন্নামালায়ে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনক সকলো ৰাজ্য চৰকাৰলৈ নিজ-নিজ ৰাজ্যৰ অতি কমেও ১০খন বিদ্যালয়ত তামিল শিকাবলৈ ক’বলৈ আহ্বান জনায় 

    বিজেপি নেতা আন্নামালায়ে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনক সকলো ৰাজ্য চৰকাৰলৈ নিজ-নিজ ৰাজ্যৰ অতি কমেও ১০খন বিদ্যালয়ত তামিল শিকাবলৈ ক’বলৈ আহ্বান জনায় 

    • Share this:
    হিন্দী ভাষাক দেশৰ সংযোগী ভাষা হিচাপে গ্ৰহণ কৰিবলৈ গৃহমন্ত্ৰী অমিত শ্বাহে কৰা আহ্বানৰ এইবাৰ বিৰোধিতা সূচক মন্তব্য কৰিছে তামিলনাডু বিজেপিয়ে । তামিলনাডুত ভাৰতীয় জনতা পাৰ্টীৰ নেতা কে আন্নামালায়ে মঙলবাৰে ৰাজধানী চহৰ চেন্নাইত কয় – ৰাজ্যিক বিজেপিয়ে ( Tamil Nadu BJP) তামিলনাডুত হিন্দী ভাষা জাপি দিয়া কাৰ্য গ্ৰহণ নকৰে ।

    চেন্নাইৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত এখন সংবাদ মেল সম্বোধন কৰি প্ৰাক্তন ভাৰতীয় পুলিচ সেৱা বিষয়া গৰাকীয়ে কয় – “যদি শিক্ষাগত বা আন প্ৰয়োজনত হিন্দী শিকিবলগীয়া হয় তেন্তে কাৰো আপত্তি থাকিব নালাগে; ইয়াত কোনেও হিন্দী ক’ব নাজানে আৰু ইয়াত এনে একো পৰিস্থিতিৰ উদ্ভৱ হোৱা নাই, য’ত আমি ভাৰতীয়ত্ব প্ৰমাণ কৰিবলৈ কিবা বিশেষ ভাষা ক’ব লাগিব।“

    প্ৰখ্যাত সংগীতজ্ঞ এ আৰ ৰেহমানে দেশত তামিল সংযোগী ভাষা হ’ব লাগে বুলি কৰা মন্তব্যৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আন্নামালাইয়ে । তেওঁ কয় – “যদিহে তামিল দেশৰ সংযোগী ভাষা হয় তেন্তে সেয়া আমাৰ কাৰণে গৌৰৱৰ কথা হ’ব; কিন্তু কোনোবাই এই দিশত পদক্ষেপ গ্ৰহণ কৰিছেনে?” তেওঁ তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনক সকলো ৰাজ্য চৰকাৰলৈ নিজ নিজ ৰাজ্যৰ অতি কমেও ১০খন বিদ্যালয়ত তামিল শিকাবলৈ ক’বলৈ আহ্বান জনায় ।

    বিজেপি নেতাজনে (BJP president K. Annamalai) হিন্দীক কেন্দ্র কৰি কংগ্ৰেছে যোৱা ৪০বছৰে ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰে । তেওঁ কয়– নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিত হিন্দীক মূল বিষয় হিচাপে লোৱাৰ প্ৰস্তাৱ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (Prime Minister Narendra Modi) নস্যাত কৰিছে । বৰঞ্চ হিন্দীক ঐচ্ছিক বিষয় হিচাপে লোৱা শিক্ষা নীতিখনকহে তেওঁ কেবিনেটত অনুমোদন জনাইছে ।

    দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে সংসদীয় চৰকাৰী ভাষা সমিতিৰ বছৰেকীয়া সভাৰ অধ্যক্ষতা কৰি যোৱা সপ্তাহত  বিভিন্ন ৰাজ্যৰ লোকক ইংৰাজীৰ পৰিৱৰ্তে হিন্দীত কথা পাতিবলৈ আহ্বান জনাইছিল। তেওঁ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহে দশম মানলৈ হিন্দী বাধ্যতামূলক কৰাৰ নীতিত সহমত পোষণ কৰিছে বুলিও মন্তব্য কৰিছিল । তেওঁৰ মন্তব্যই সমগ্ৰ দেশত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।
    Published by:Gautam Barman
    First published: