• Home
  • »
  • News
  • »
  • nation
  • »
  • বহুতৰে ৰক্ষা কৰিছিল জীৱন! লকডাউনত ৰোগীক বিনামূলীয়াকৈ হাস্পতাললৈ নিয়া অটোচালক ভুগিছে আৰ্থিক সংকটত, চৰকাৰৰ পৰা বিচাৰিছে সহায়

বহুতৰে ৰক্ষা কৰিছিল জীৱন! লকডাউনত ৰোগীক বিনামূলীয়াকৈ হাস্পতাললৈ নিয়া অটোচালক ভুগিছে আৰ্থিক সংকটত, চৰকাৰৰ পৰা বিচাৰিছে সহায়

বিপদৰ সময়ত মানুহৰ কাষত থিয় দিয়া সেই কাৰ্তিক এতিয়া তীব্ৰ বিত্তীয় সংকটত ভুগি আছে।

বিপদৰ সময়ত মানুহৰ কাষত থিয় দিয়া সেই কাৰ্তিক এতিয়া তীব্ৰ বিত্তীয় সংকটত ভুগি আছে।

বিপদৰ সময়ত মানুহৰ কাষত থিয় দিয়া সেই কাৰ্তিক এতিয়া তীব্ৰ বিত্তীয় সংকটত ভুগি আছে।

  • Share this:
কাৰ্তিকে তামিলনাডুৰ থেনিত অটোৰিক্সা চলায়। যেতিয়া সমগ্ৰ দেশত কোভিডৰ সংক্ৰমণ প্ৰতিহত কৰিবলৈ লকডাউন জাৰি কৰা হৈছিল, সেইসময়ত কাৰ্তিক নামি পৰিছিল জনসেৱাত। নিজৰ অটোখনেৰেই হাস্পতাললৈ কঢ়িয়াইছিল ৰোগীক।

কোভিড-19 সংক্ৰমণৰ ফলত লকডাউন হোৱাৰ বাবে ৰাজহুৱা আৰু ব্যক্তিগত পৰিবহন একেবাৰে বন্ধ হৈ পৰিছিল। সেইসময়তে কাৰ্তিকে নিজৰ অটোখনেৰে বিনামূলীয়াকৈ ৰোগীৰ বাবে জৰুৰীকালিন সেৱা আগবঢ়াইছিল। যাতে কোনো ৰোগী ট্ৰিটমেণ্টৰ পৰা বঞ্চিত হ'বলগীয়া নহয়।

বিপদৰ সময়ত মানুহৰ কাষত থিয় দিয়া সেই কাৰ্তিক এতিয়া তীব্ৰ বিত্তীয় সংকটত ভুগি আছে। কাৰ্তিকৰ অনুৰোধ যে, ৰাজ্য চৰকাৰে এই সংকটত তেওঁৰ কাষত থিয় দিব লাগে।

কাৰ্তিক নামৰ এজন ৩০ বছৰীয়া অটোৰিক্সা চালকে তেওঁৰ গাড়ীত এখন চাইনবোৰ্ড ওলমাই থৈছে। য'ত লিখা আছে, "চিকিৎসাৰ বাবে বিনামূলীয়া"। যেতিয়াই তামিলনাডুত কোভিড লকডাউন বলবৎ কৰা হৈছিল, কাৰ্তিকে প্ৰমাণ হিচাপে চিকিৎসকৰ প্ৰেছক্ৰিপশ্বনৰ প্ৰতিলিপি লৈছিল আৰু গৰ্ভৱতী মহিলাসহ আন ৰোগীসকলক বিনামূলীয়াকৈ চিকিৎসালয়লৈ নিছিল।

কাৰ্তিকে দুবছৰৰো অধিক সময় ধৰি এই সেৱা আগবঢ়াই আহিছে। তেওঁ দাবী কৰিছিল যে, লকডাউনৰ সময়ত তেওঁ ১০০০ৰো অধিক ভাড়া কঢ়িয়াইছিল বিনামূলীয়াকৈ। থেনিৰ জিলা উপায়ুক্তই অটোচালক কাৰ্তিকৰ মানৱীয় কাৰ্যৰ বিষয়ে জানিব পাৰি তেওঁক প্ৰশংসাৰে উপচাই পেলাইছিল। লগতে ভৱিষ্যতৰ দিনৰ প্ৰয়োজন হ'লে সহায়ৰ হাত আগবঢ়োৱাৰ আশ্বাস দিছিল।

অৱশ্যে, কাৰ্তিকে এতিয়া বিত্তীয় সংকটৰ সন্মুখীন হৈ ৰাজ্য চৰকাৰৰ ওচৰত সহায়ৰ বাবে আবেদন জনাইছে। "মই এটা ঋণ লৈছিলো আৰু মোৰ পত্নীৰ ৩ লাখ টকাৰ গহনাও বন্ধক ৰাখিছিলো। মই সংকটৰ সময়ত মানুহক সহায় কৰিবলৈ সাধ্য অনুসৰি চেষ্টা কৰি আছো। মোৰ বেছি উপাৰ্জন নাই, তথাপিও মই ভৱিষ্যতে উপাৰ্জনৰ আশাত বিনামূলীয়া সেৱা প্ৰদান কৰিছো। আন অটো চালকসকলে মোক উপহাস কৰিছে, কিন্তু মই মোৰ কাম অব্যাহত ৰাখিছো," কাৰ্তিকে এনেদৰে কয়।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি