ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (IMD) আজি সোমবাৰে তামিলনাডু আৰু অন্ধ্ৰ প্ৰদেশৰ কিছু অংশত ১০ আৰু ১১ নৱেম্বৰত ধাৰাসাৰ বৰষুণ হোৱাৰ আশংকা প্ৰকাশ কৰিছে। বৰষুণে ৰাস্তা আৰু ৰাজ্যখনৰ নামনিৰ অঞ্চল ডুবাই পেলাব পাৰে বুলি উল্লেখ কৰা হৈছে।
দক্ষিণ-পূব বংগোপসাগৰ আৰু ইয়াৰ কাষৰীয়া দক্ষিণ আন্দামান সাগৰৰ ওপৰেৰে এক ঘূৰ্ণিবতাহৰ প্ৰৱাহৰ ফলত অহা ২৪ ঘণ্টাৰ ভিতৰত দক্ষিণ-পূব বংগোপসাগৰ আৰু চুবুৰীয়া অঞ্চলত বৰষুণৰ আশংকা আছে। প্ৰশাসনে সংশ্লিষ্ট অঞ্চলৰ লগতে চাৰিওফালৰ অঞ্চলবোৰত সতৰ্কতা বৃদ্ধি কৰিছে। মানুহকো সতৰ্ক হৈ থাকিবলৈ কোৱা হৈছে।
বতৰ বিভাগে কোৱা মতে, ইয়াৰ প্ৰভাৱ পশ্চিম-উত্তৰ দিশে পৰিব আৰু ১১ নৱেম্বৰৰ ৰাতিপুৱালৈ উত্তৰ তামিলনাডু উপকূলৰ ওচৰত উপস্থিত হ'ব। ৮ আৰু ৯ নৱেম্বৰত তামিলনাডুৰ দূৰৱৰ্তী অঞ্চলত ধাৰাসাৰ বৰষুণ হোৱাৰ আশংকা আছে। লগতে ১০ আৰু ১১ নৱেম্বৰত অতি ধাৰাসাৰ বৰষুণৰ আশংকা আছে। বিভাগটোৱে মাছমৰীয়াসকলক এই অঞ্চলবোৰৰ সমুদ্ৰ তীৰলৈ নাযাবলৈ পৰামৰ্শ দিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|