உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • ঔষধ খাবলৈ জোৰ কৰাই হ’ল পিতৃৰ অপৰাধ! নৃশংস ভাবে পিতৃক হত্যা কৰিলে পুত্ৰই

    ঔষধ খাবলৈ জোৰ কৰাই হ’ল পিতৃৰ অপৰাধ! নৃশংস ভাবে পিতৃক হত্যা কৰিলে পুত্ৰই

    ঔষধ খাবলৈ জোৰ কৰাৰ বাবেই পিতৃক হত্যা কৰিলে পুত্ৰই। মূৰত প্ৰহাৰ কৰি কৰিলে হত্যা।

    ঔষধ খাবলৈ জোৰ কৰাৰ বাবেই পিতৃক হত্যা কৰিলে পুত্ৰই। মূৰত প্ৰহাৰ কৰি কৰিলে হত্যা।

    ঔষধ খাবলৈ জোৰ কৰাৰ বাবেই পিতৃক হত্যা কৰিলে পুত্ৰই। মূৰত প্ৰহাৰ কৰি কৰিলে হত্যা।

    • Share this:
    মানসিক ভাবে অসুস্থ আছিল পুত্ৰ। দীৰ্ঘদিন ধৰি চলি আছিল চিকিত্‍সা। কিছুদিন পূৰ্বে এখন ব্যক্তিগত হাস্পতালৰ পৰা চিকিত্‍সাৰ অন্তত ঘৰলৈ লৈ অনা হৈছিল পুৰুষোত্তম নামৰ ২৩ বছৰীয়া যুৱকজনক। প্ৰতিদিনাই পুত্ৰক ঔষধ খোৱাবলৈ ঘৰলৈ আহিছিল পুৰুষোত্তমৰ দেউতাক। কিন্তু বুধবাৰে দেউতাকে ঔষধ খোৱাবলৈ যাওতেই সংঘটিত হ’ল ভয়ংকৰ ঘটনা।

    ঔষধ খাবলৈ ইচ্ছা কৰা নাছিল পুত্ৰই। আৰু দেউতাকে ঔষধ খাবলৈ জোৰ কৰাই হ’ল অপৰাধ। পিতৃৰ মূৰত প্ৰহাৰ কৰি হত্যা কৰিলে পুত্ৰ পুৰুষোত্তমে। ঘটনাটো সংঘটিত হৈছে তামিলনাডুৰ কোভিলপাট্টী এলেকাত।

    আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, ৭৩ বছৰীয়া বৃদ্ধগৰাকীয়ে পুত্ৰক ঔষধ খোৱাবলৈ গৈছিল ঘৰলৈ। কিন্তু ঔষধ খাবলৈ ৰাজি হোৱা নাছিল পুত্ৰ। বাৰে বাৰে জোৰ কৰিছিল পিতৃয়ে। আৰু তাৰ পিছতে দুয়োৰে মাজত কিছু তৰ্কা-তৰ্কিৰ সূত্ৰপাত হয়। তেতিয়াই ৰোগীয়া পুত্ৰই পিতৃৰ মূৰলৈ দলীয়াই দিয়ে এক গধুৰ বস্তু। লগে লগে মাটিত বাগৰি পৰে পিতৃ। আৰু কিছু সময়ৰ পিছতে মৃত্যুক আঁকোৱালি লয়।

    মৃত ব্যক্তিজনৰ নাম মোহনৰাজ। দুগৰাকী মহিলাক বিয়া কৰাইছিল মোহনৰাজে। দ্বিতীয়গৰাকী পত্নীৰ সন্তান হ’ল পুৰুষোত্তম। এতিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে পুৰুষোত্তমক।
    Published by:Himangshu Bhuyan
    First published: