হঠাৎ Xiaomi Redmi Note 7S ত লাগিল জুই! এই কাম ভুলতো নকৰিব অন্যথা বিস্ফোৰণ হ’ব পাৰে ফোন

News18-Assam
Updated:November 27, 2019, 10:51 AM IST
হঠাৎ Xiaomi Redmi Note 7S ত লাগিল জুই! এই কাম ভুলতো নকৰিব অন্যথা বিস্ফোৰণ হ’ব পাৰে ফোন
বেছিভাগ সময়ত বেটাৰীৰ কাৰণেই বিস্ফোৰণ হয় ফোন। জানি লওক এই কেইটা টিপচ আৰু বচাই ৰাখক আপোনাৰ ফোন

বেছিভাগ সময়ত বেটাৰীৰ কাৰণেই বিস্ফোৰণ হয় ফোন। জানি লওক এই কেইটা টিপচ আৰু বচাই ৰাখক আপোনাৰ ফোন

  • News18 Assam
  • Last Updated: November 27, 2019, 10:51 AM IST
  • Share this:
Xiaomi Redmi Note 7S মডেলৰ এটা ফোনত হঠাৎ জুই লগাৰ এটা খবৰ আহিছে। মুম্বাইৰ এজন যুৱকে ফেচবুকত ফটো শ্বেয়াৰ কৰি লিখে যে,  অফিচত কাম কৰি থকা সময়ত কাষৰ টেবুলখনতে থৈ দিছিল নিজৰ Redmi Note 7S মডেলৰ ফোনটো। কিন্তু হঠাৎ ফোনটোৰ পৰা ধোৱা ওলাবলৈ আৰম্ভ কৰে আৰু বিস্ফোৰণ হয়। শ্বেয়াৰ কৰা ফটোখনত দেখিবলৈ পোৱা গৈছে যে, ফোনটোৰ পিছফাল সম্পূৰ্ণ ৰুপে জ্বলি গৈছে।

সমগ্ৰ ঘটনাটোত এতিয়া স্পষ্টীকৰণ দিছে Xiaomi এ। প্ৰতিষ্টানটোৱে উল্লেখ কৰে যে, ফোনটোৰ বেটাৰীটোত বাহিৰৰ পৰা অধিক প্ৰেচাৰ পৰাৰ বাবেই এনে ঘটনা সংঘটিত হ’ল।



প্ৰতিষ্ঠাটোৱে এতিয়া Xiaomi ৰ ফোন ব্যৱহাৰকাৰী সকলকো দিছে বিশেষ পৰামৰ্শ

চাৰ্জত লাগি থকাৰ সময়ত অত্যাধিক ব্যৱহাৰ নকৰিব ফোন।

কেৱল অৰিজিনেল চাৰ্জাৰৰ জৰিয়তে চাৰ্জ কৰক ফোন।

কোম্পানীৰ বেটাৰীহে ব্যৱহাৰ কৰিব।

আগতে জ্বলা কোনো বস্তুৰ ওপৰত নাৰাখিব ফোন।

শোৱাৰ সময়ত গাৰুৰ তলত নাৰাখিব ফোন।

ফোনৰ কোনো ধৰণৰ ডিভাইচ পোণপটীয়াকৈ সূৰ্যৰ পোহৰ পৰা ঠাইত নথব।

ফোনৰ যিকোনো ডিভাইচ কেৱল Authorized Service Centre ত হে দেখাব।

ফোন চাৰ্জ দিয়াৰ সময়ত ফোনটোৰ ওপৰত প্ৰেচাৰ পৰাকে একো বস্তু নাৰাখিব।
আৰু চাওক
পৰৱৰ্তী বাতৰি