কোৱাৰেণ্টাইন কেন্দ্ৰতে শাৰীৰিক সম্পৰ্ক স্থাপন! গৰ্ভৱতী হ’ল তিনিগৰাকী মহিলা, জিলা উপায়ুক্তৰ তদন্তৰ নিৰ্দেশ

আশ্বৰ্যকৰ! কোৱাৰেণ্টাইন কেন্দ্ৰত সংঘটিত হ’ল এক আচৰিত ঘটনা।
আশ্বৰ্যকৰ! কোৱাৰেণ্টাইন কেন্দ্ৰত সংঘটিত হ’ল এক আচৰিত ঘটনা।
- News18 Assam
- Last Updated: July 25, 2020, 10:19 AM IST
জানিব পৰা মতে, ল’ক ডাউনৰ নীতি উলংঘা কৰাত তবলীগী জামাতৰ লৈ যোৱা প্ৰায় ১৭ গৰাকী লোকৰ বিৰুদ্ধে ৰাঁচীৰ হিন্দীপীড়ী থানাত ৰুজু কৰা হৈছিল গোচৰ। আৰু আটাইকেইজনকে যোৱা ৩০ মাৰ্চত কোৱাৰেণ্টাইন চেণ্টাৰত ৰখা হৈছিল। ইমানলৈকে সকলো ঠিকেই আছিল।
২০ মে’ত পোহৰলৈ আহে ঘটনাটো। কোৱাৰেণ্টাইনৰ ম্যাদ শেষ হোৱাৰ পিছত আটাইকেইজন লোককে কাৰাগাৰলৈ নিক্ষেপ কৰে। পিছত উচ্চ ন্যায়ালয়ে জামাতি সকলৰ জামিন মঞ্জুৰ কৰাৰ পিছত কৰোৱা হয় স্বাস্থ্য পৰীক্ষা। আৰু স্বাস্থ্য পৰীক্ষাতে তিনিগৰাকী মহিলা এমাহৰ গৰ্ভৱতী বুলি ধৰা পৰে।