মুখ্যপৃষ্ঠা »খবৰ »দেশ »পোহৰলৈ আহিছে নতুন বছৰৰ দিনা সংঘটিত আন এক হিট এণ্ড ৰাণৰ ঘটনা; চুইগি এজেণ্টৰ মৃত্যু

পোহৰলৈ আহিছে নতুন বছৰৰ দিনা সংঘটিত আন এক হিট এণ্ড ৰাণৰ ঘটনা; চুইগি এজেণ্টৰ মৃত্যু

নয়ডাত এজন ডেলিভাৰী এজেণ্টৰ দুচকীয়া বাহনক এখন গাড়ীয়ে খুন্দা মাৰি প্ৰায় ৫০০ মিটাৰলৈ চোচৰাই নিয়াৰ ফলত ব্যক্তিজনৰ মৃত্যু হয়

নয়ডাত এজন ডেলিভাৰী এজেণ্টৰ দুচকীয়া বাহনক এখন গাড়ীয়ে খুন্দা মাৰি প্ৰায় ৫০০ মিটাৰলৈ চোচৰাই নিয়াৰ ফলত ব্যক্তিজনৰ মৃত্যু হয়

  • Share this:
দুৰ্ঘটনাৰ খবৰ প্ৰায়েই শুনিবলৈ পোৱা যায়। বিভিন্ন কাৰণত সংঘটিত এই দুৰ্ঘটনাৰ বাবে বহু লোকে প্ৰাণ হেৰুৱাব লগা হয়। অলপতে সংঘটিত দিল্লীৰ এক হিট এণ্ড ৰাণ কেছৰ চাঞ্চল্য মাৰ নৌ যাওঁতেই দেওবাৰে নয়ডাত এজন ডেলিভাৰী এজেণ্টৰ দুচকীয়া বাহনক এখন গাড়ীয়ে খুন্দা মাৰি প্ৰায় ৫০০ মিটাৰলৈ চোচৰাই নিয়াৰ ফলত ব্যক্তিজনৰ মৃত্যু হোৱাৰ তথ্য পোহৰলৈ আহিছে।

আৰক্ষীয়ে জনোৱা মতে, চুইগিত কৰ্মৰত কৌশল নামৰ যুৱকজনে নৱবৰ্ষৰ নিশা ডেলিভাৰীৰ বাবে ওলাই যাওতে নয়ডা চেক্টৰ ১৪ৰ এখন ফ্লাইঅভাৰৰ ওচৰত এখন গাড়ীয়ে তেওঁৰ দুচকীয়া বাহনখনক খুন্দা মাৰিছিল।

প্ৰত্যক্ষদৰ্শীয়ে কয় যে, চালকজনে দুৰ্ঘটনাস্থলীৰ পৰা প্ৰায় ৫০০ মিটাৰ দূৰত থকা এটা মন্দিৰৰ ওচৰত গৈ গাড়ীখন ৰখাইছিল আৰু কৌশলৰ মৃতদেহ ওলাই অহাৰ পিছত ঘটনাস্থলীৰ পৰা পলায়ন কৰিছিল।

কৌশলৰ ভাতৃ অমিতে দেওবাৰে পুৱা ১ বজাত তেওঁক ফোন কৰোতে এজন পথচাৰীয়ে ফোনটো পাইছিল আৰু অমিতক দুৰ্ঘটনাটোৰ বিষয়ে অৱগত কৰিছিল।

আৰক্ষী বিষয়াসকলে কয় যে, অমিতে দাখিল কৰা অভিযোগৰ ভিত্তিত এটা গোচৰ ৰুজু কৰা হৈছে আৰু বৰ্তমান তদন্ত চলি আছে।

এজন বিষয়াই কয় যে, ‘‘আমি অভিযুক্তজনক বিচাৰি উলিয়াবলৈ অঞ্চলটোত স্থাপন কৰা চিচিটিভিবোৰ স্কেন কৰি আছো।’’

উৰ্লেখ্য যে, দিল্লীত এগৰাকী ২০ বছৰীয়া মহিলাক এখন গাড়ীয়ে খুন্দা মাৰি প্ৰায় ১৩ কিলোমিটাৰলৈ টানি নিয়া ঘটনাৰ মাত্ৰ কেইঘণ্টামানৰ পিছতে এই দুৰ্ঘটনাটো সংঘটিত হয়।

দিল্লীত দুৰ্ঘটনাত পতিত হোৱা যুৱতী অঞ্জলি সিঙৰ নগ্ন মৃতদেহ পিছত ৰাস্তাত পোৱা গৈছিল যিয়ে নৱবৰ্ষত সমগ্ৰ দেশ জোকাৰি গৈছিল।

গাড়ীৰ আৰোহীসকলে চুলতানপুৰীত অঞ্জলিৰ স্কুটাৰৰ সৈতে খুন্দা মাৰিছিল আৰু তাৰ পৰা গাড়ী চলাই যোৱাৰ সময়ত যুৱতীগৰাকীৰ কাপোৰ ফালি গৈছিল। কাঞ্জাপুৰাৰ ওচৰৰ জোন্তি গাঁৱত এজন মানুহে অৱশেষত তেখেতৰ হাতখন গাড়ীৰ তলৰ পৰা বাহিৰলৈ ওলাই অহা দেখিছিল।

ইতিমধ্যে দুৰ্ঘটনাৰ সময়ত সুৰাপান কৰা বুলি স্বীকাৰ কৰা পাঁচজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰোপৰি দ্ৰুত গতিত গাড়ী চলোৱা আৰু অৱহেলাৰ ফলত মৃত্যু ঘটাৰ অভিযোগ আৰোপ কৰা হৈছে।

শেহতীয়া বাতৰি