কোৰোণাৰ প্ৰভাৱ : ১১০০ কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি দিলে Swiggy–এ

News18 Assam | News18-Assam
Updated:May 22, 2020, 5:19 PM IST
কোৰোণাৰ প্ৰভাৱ : ১১০০ কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি দিলে Swiggy–এ
লকডাউনে ব্যৱসায়ত বেয়াকৈ প্ৰভাৱ পেলোৱাৰ বাবেই ছুইগীয়ে এনে সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে।

লকডাউনে ব্যৱসায়ত বেয়াকৈ প্ৰভাৱ পেলোৱাৰ বাবেই ছুইগীয়ে এনে সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে।

  • Share this:
কোৰোণা ভাইৰাছে বিশ্বৰ অৰ্থনীতিত বিৰূপ প্ৰভাৱ পেলাইছে। যাৰ বাবে ইতিমধ্যে লাখ লাখ যুৱক-যুৱতীয়ে কৰ্ম সংস্থাপন হেৰুৱাবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। এই ভাইৰাছৰ বাবে দুটা মাহ ধৰি কাম-কাজ স্থবিৰ হৈ পৰাত কোম্পানীসমূহে কিছুসংখ্যক শ্ৰমিকক চাকৰিৰ পৰা অব্যাহতি দিয়াৰ লগতে কিছু সংখ্যকৰ দৰমহা কৰ্তন কৰিছে। বিশেষকৈ এই সংকটৰ সময়তে অনলাইন খাদ্য ডেলিভাৰী সংস্থা ছুইগীয়ে নিজৰ ১১ শতাংশ অৰ্থাৎ ১১০০ কৰ্মচাৰীক চাকৰিৰ পৰা উলিয়াই দিছে।

লকডাউনে ব্যৱসায়ত বেয়াকৈ প্ৰভাৱ পেলোৱাৰ বাবেই ছুইগীয়ে এনে সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে। সোমবাৰে কোম্পানীয়ে নিজৰ কৰ্মচাৰীক মেইলৰ জৰিয়তে জনায় যে ‍ছুইগীৰ বাবে আজি বহুত দুখৰ দিন কাৰণ আজি আমি এটা দুৰ্ভাগ্যপূৰ্ণ সিদ্ধান্ত ল’বলগীয়া হৈছে।

কোম্পানীৰ ফালৰ পৰা জনোৱা অনুসৰি, চাকৰি হেৰুৱাবলগীয়া কৰ্মচাৰীসকলক অহা তিনিমাহৰ দৰমহা অতিৰিক্তভাৱে প্ৰদান কৰা হ’ব। আনহাতে কিছুদিন পূৰ্বে অনলাইন ফুড ডেলিভাৰী সংস্থা Zomato আৰু অনলাইন কেব ছাৰ্ভিচ সংস্থা উবেৰে নিজৰ ১৪ শতাংশ অৰ্থাৎ ৩৭০০ কৰ্মচাৰীক চাকৰিৰ পৰা উলিয়াই দিছিল।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading