বিজেপিৰ জ্যেষ্ঠ নেত্ৰী তথা মোদী চৰকাৰৰ প্ৰথম কাৰ্যকালৰ বিদেশ মন্ত্ৰী সুষমা স্বৰাজৰ দেহাৱসান। হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ শেষ নিশ্বাস ত্যাগ সুষমা স্বৰাজৰ। দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল সুষমা স্বৰাজ। চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু সুষমা স্বৰাজৰ।
১৯৫৩ চনত পঞ্জাৱত জন্মগ্ৰহণ কৰিছিল সুষমা স্বৰাজে। মৃত্যুৰ সময়ত স্বামী আৰু একমাত্ৰ জীয়াৰীক এৰি থৈ যায় বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে।
বিজেপিৰ অন্যতম শক্তিশালী নেত্ৰী আছিল সুষমা স্বৰাজ। ইন্দিৰা গান্ধীৰ পিছত বিদেশ মন্ত্ৰণালয়ৰ দায়িত্ব লোৱা ভাৰত বৰ্ষৰ দ্বিতীয়গৰাকী মহিলা ৰাজনীতিবিদ আছিল সুষমা স্বৰাজ। ১৯৯০ চনত সুষমা স্বৰাজ প্ৰথম বাৰলৈ ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল। সেইদৰে ১৯৯৬ চনত প্ৰথমবাৰলৈ লোকসভালৈ নিৰ্বাচিত হৈছিল সুষমা স্বৰাজ। অটল বিহাৰী বাজপেয়ীৰ চৰকাৰৰ দিনতো কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্বত আছিল বিজেপিৰ নেত্ৰীগৰাকী।
১৯৯৮ চনত দিল্লীৰ মুখ্যমন্ত্ৰীৰ দায়িত্বতো আছিল সুষমা স্বৰাজ। ৬৭ বছৰ বয়সত মৃত্যু হয় সুষমা স্বৰাজৰ। ইতিমধ্যে দিল্লীৰ এইমছত উপস্থিত হৈছে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডা০ হৰ্ষবৰ্ধন। ১৯৭৩ চনত উচ্চতম ন্যায়ালয়ত অধিবক্তা হিচাপেও কিছুদিন কাৰ্যনিৰ্বাহ কৰিছিল সুষমা স্বৰাজে। মনমোহন সিঙৰ শেষৰটো কাৰ্যকালত সুষমা স্বৰাজ লোকসভাৰ বিৰোধী দলপতিৰ দায়িত্বতো আছিল।
সুষমা স্বৰাজৰ মৃত্যু সমগ্ৰ দেশৰ বাবেই ক্ষতি। মৃত্যুৰ তিনি ঘণ্টাৰ পূৰ্বে কাশ্মীৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধন্তক প্ৰশংসা কৰি টুইট কৰিছিল সুষমা স্বৰাজে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : August 06, 2019, 23:04 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।