স্বামী শিৱানন্দৰ জন্ম ১৮৯৬ চনৰ ৩ আগষ্টত হৈছিল বুলি কোৱা হয়। যোগ আৰু ধৰ্মৰ প্ৰতি আগ্ৰহী স্বামী শিৱানন্দই (Swami Sivananda) প্ৰতিদিনে পুৱা ৩ বজাত সাৰ পায় আৰু যোগ কৰে। ইয়াৰ উপৰি তেওঁ ভাগৱত গীতা আৰু মা চণ্ডীৰ শ্লোক পাঠ কৰে।
যোগ গুৰুজনে এই সন্মান গ্ৰহণ কৰিবলৈ উপস্থিত হোৱাৰ সময়ত এক বিৰল ঘটনাৰ সন্মুখীন হৈছিল উপস্থিত লোকসকল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত স্বামী শিৱানন্দই আঁঠু লৈ তেওঁক নমস্কাৰ জনাইছিল। যোগগুৰুজনে এনে কৰা দেখি প্ৰধানমন্ত্ৰী মোদীয়ে লগে লগে নিজৰ ঠাইত থিয় হৈ শিৰনত কৰি নমস্কাৰ কৰে যোগ গুৰুক। যোগ গুৰুজনেও একেধৰণে ৰাষ্ট্ৰপতিক (President Ramnath Kovind) শুভেচ্ছা জনাইছিল।