বুধবাৰে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই প্ৰত্যাহাৰ কৰিলে ৭ কংগ্ৰেছ সাংসদৰ নিলম্বন
বুধবাৰে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই প্ৰত্যাহাৰ কৰিলে ৭ কংগ্ৰেছ সাংসদৰ নিলম্বন
বুধবাৰে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই প্ৰত্যাহাৰ কৰিলে ৭ কংগ্ৰেছ সাংসদৰ নিলম্বন। অসমৰ কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈ সহ কংগ্ৰেছৰ ৭ সাংসদৰ নিলম্বনৰ নির্দেশ প্ৰত্যাহাৰৰ প্ৰস্তাৱ আগবঢ়াই সংসদীয় পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্ৰী অৰ্জুন ৰাম মেঘাৱলে । তাৰ পাছত সৰ্ব সন্মতিক্ৰমে এই প্ৰস্তাৱ গৃহীত হয় ।
আজি পুৱা ওম বিৰলাৰ অধ্যক্ষতাত হোৱা এখন সৰ্ব দলীয় বৈঠকত এই বিষয়টো আলোচনা হয় আৰু নিলম্বন প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।
উল্লেখযোগ্য যে, যোৱা ৫ মাৰ্চত কংগ্ৰেছৰ ৭ জন সদস্যৰ আচৰণত অতিষ্ঠ হৈ লোকসভাৰ অধ্যক্ষই সম্পূৰ্ণ বাজেট অধিবেশনৰ পৰাই নিলম্বন কৰিছিল। বুধবাৰে কংগ্ৰেছ সাংসদ সকলে তৃণমূল, ডিএমকে আৰু শিৱসেনাৰে মিলি নিলম্বন প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনোৱাত সৰ্ব দলীয় বৈঠক অনুষ্ঠিত কৰা হয়। আৰু এই বৈঠকতে নিলম্বন প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|