বিজেপিৰ জ্যেষ্ঠ নেত্ৰী তথা মোদী চৰকাৰৰ প্ৰথম কাৰ্যকালৰ বিদেশ মন্ত্ৰী সুষমা স্বৰাজৰ দেহাৱসান। হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ শেষ নিশ্বাস ত্যাগ কৰে সুষমা স্বৰাজে। দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল সুষমা স্বৰাজ। চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু সুষমা স্বৰাজৰ।
কিন্তু মৃত্যুৰ চাৰি ঘণ্টাৰ পূৰ্বে সুষমা স্বৰাজে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনাই কৰিছিল টুইট। কাশ্মীৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ শেহতীয়া যি সিদ্ধান্ত আছিল, সেই সিদ্ধন্তক আদৰণী জনাই টুইট কৰিছিল প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।
সুষমা স্বৰাজৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|