সুষমা স্বৰাজৰ দেহাৱসানৰ পিছত ভাইৰেল হৈছে এই ভিডিঅ’টো, কি আছিল সুষমা স্বৰাজৰ সেই উদাত্ত ভাষণত?

এইবাবেই ছচিয়েল মিডিয়াত মানুহে এই ভিডিঅ’টো শ্বেয়াৰ কৰিছে, য’ত অনুচ্ছেদ ৩৭০ৰ বিষয়ে উল্লেখ কৰি বিৰোধী দলক সমালোচনা কৰিছে স্বৰাজে।

News18-Assam
Updated:August 7, 2019, 9:15 AM IST
সুষমা স্বৰাজৰ দেহাৱসানৰ পিছত ভাইৰেল হৈছে এই ভিডিঅ’টো, কি আছিল সুষমা স্বৰাজৰ সেই উদাত্ত ভাষণত?
এইবাবেই ছচিয়েল মিডিয়াত মানুহে এই ভিডিঅ’টো শ্বেয়াৰ কৰিছে, য’ত অনুচ্ছেদ ৩৭০ৰ বিষয়ে উল্লেখ কৰি বিৰোধী দলক সমালোচনা কৰিছে স্বৰাজে।
News18-Assam
Updated: August 7, 2019, 9:15 AM IST
প্ৰাক্তন বিদেশ মন্ত্ৰী সুষমা স্বৰাজৰ দেহাৱসানত ছচিয়েল মিডিয়াতো বৈছে শোকৰ বন্যা। দেশ–বিদেশৰ লোকে স্বৰাজৰ দেহাৱসানত শোক প্ৰকাশ কৰিছে। ইয়াৰ মাজতে সুষমা স্বৰাজে সংসদত দিয়া ভাষণৰ এটা ভিডিঅ’ ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। ভিডিঅ’টোত স্বৰাজে অনুচ্ছেদ ৩৭০ক লৈ বিৰোধীক চোকা সমালোচনা কৰা দেখা গৈছে। উদাত্ত কণ্ঠৰে সুষমা স্বৰাজে ভিডিঅ’টোত কৈছে যে জম্মু–কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰ কৰা উচিত।

এই ভিডিঅ’টোত সুষমা স্বৰাজে কৈছে যে কোনো হিংসাত্মক ঘটনাত জড়িত হোৱা দল ধৰ্মনিৰপেক্ষ। সঁচা কথাটো হ’ল যে আমি হিন্দু হোৱা বাবে গৌৰৱ অনুভৱ কৰো সেইবাবে আমি সাম্প্ৰদায়িক। স্বৰাজে কয় – দেশত কিছু এনেকুৱা দল আছে যাৰ কাম আৰম্ভ হয় হিন্দুক গালি দিয়াৰ পৰা। এয়া তেওঁলোকৰ ধৰ্মনিৰপেক্ষতা।

এইবাবেই ছচিয়েল মিডিয়াত মানুহে এই ভিডিঅ’টো শ্বেয়াৰ কৰিছে, য’ত অনুচ্ছেদ ৩৭০ৰ বিষয়ে উল্লেখ কৰি বিৰোধী দলক সমালোচনা কৰিছে স্বৰাজে।


আৰু চাওক পৰৱৰ্তী বাতৰি