সুষমা স্বৰাজৰ এইসমূহ সাহসী কামৰ বাবে বিশ্বই কৰিছিল ছেল্যুট

৭০ৰ দশত ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সৈতে সংযুক্ত হৈ ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰা সুষমা স্বৰাজে আটাইতকৈ কম বয়সত কেবিনেট মন্ত্ৰী হোৱাৰ অভিলেখ গঢ়িছিল।

News18-Assam
Updated:August 7, 2019, 8:19 AM IST
সুষমা স্বৰাজৰ এইসমূহ সাহসী কামৰ বাবে বিশ্বই কৰিছিল ছেল্যুট
৭০ৰ দশত ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সৈতে সংযুক্ত হৈ ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰা সুষমা স্বৰাজে আটাইতকৈ কম বয়সত কেবিনেট মন্ত্ৰী হোৱাৰ অভিলেখ গঢ়িছিল।
News18-Assam
Updated: August 7, 2019, 8:19 AM IST
মঙলবাৰে নিশা দিল্লীৰ এইম্ছত শেষ নিশ্বাস ত্যাগ কৰে বিজেপিৰ জ্যেষ্ঠ নেত্ৰী তথা প্ৰাক্তন বিদেশ মন্ত্ৰী সুষমা স্বৰাজে। মৃত্যুৰ সময়ত সুষমা স্বৰাজৰ বয়স আছিল ৬৭ বছৰ। নিশা প্ৰায় ১১ বজাত এইম্ছত শেষ নিশ্বাস ত্যাগ কৰে স্বৰাজে। ৭০ৰ দশত ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সৈতে সংযুক্ত হৈ ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰা সুষমা স্বৰাজে আটাইতকৈ কম বয়সত কেবিনেট মন্ত্ৰী হোৱাৰ অভিলেখ গঢ়িছিল।

প্ৰায় ২৫ বছৰ বয়সতে সুষমা স্বৰাজে ১৯৭৭ চনত আম্বালা ছাৱনী বিধানসভা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল আৰু চৌধুৰী দেৱী লালৰ চৰকাৰত শ্ৰম মন্ত্ৰীৰ দায়িত্ব লাভ কৰিছিল। দিল্লীৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী হিচাপেও অভিলেখ গঢ়িছিল সুষমাই। ১৯৯৮ চনৰ ১২ অক্টোবৰত দিল্লীৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰীৰূপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল বিজেপিৰ জ্যেষ্ঠ নেত্ৰীগৰাকীয়ে। ১৯৯৮ চনৰ ৩ ডিচেম্বৰত স্বৰাজে নিজৰ বিধানসভা আসনখনৰ পৰা পদত্যাগ কৰে। প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী চৰকাৰত কেবিনেট মন্ত্ৰী আছিল স্বৰাজ। তাৰ পিছত মোদী চৰকাৰৰ প্ৰথম কাৰ্যকালত বৈদেশিক মন্ত্ৰীৰ দায়িত্ব লাভ কৰিছিল।

মাছুদ আজহাৰক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী ঘোষণাত সফল

সুষমা স্বৰাজে বিদেশ মন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণৰ পিছৰে পৰা ২০০১ চনৰ ১৩ ডিচেম্বৰত ভাৰতৰ সংসদত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ মাষ্টাৰমাইণ্ড তথা সন্ত্ৰাসবাদী সংগঠন জইছ–ই–মহম্মদৰ মুৰব্বী মাছুদ আজহাৰক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী ঘোষণাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। স্বৰাজৰ প্ৰচেষ্টাতে ২০১৯ৰ ১ মে’ত মাছুদ আজহাৰক ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদে আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী ঘোষণা কৰে।



সুষমা স্বৰাজৰ বাবেই পাকিস্তানে খুলিলে এয়াৰ স্পেচ
ভাৰতত নতুন চৰকাৰ গঠন আৰু নৰেন্দ্ৰ মোদী দ্বিতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হোৱাৰ পিছত চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানে বালাকোট এয়াৰ ষ্ট্ৰাইকৰ পিছত বন্ধ কৰি দিয়া এয়াৰ স্পেচ প্ৰথমবাৰলৈ সুষমা স্বৰাজৰ বাবে খুলি দিছিল। দীৰ্ঘদিনীয়া উত্তেজনাৰ পিছত ভাৰতৰ সৈতে সম্পৰ্ক উন্নত কৰাৰ দিশত মনোনিৱেশ কৰা পাকিস্তানে সুষমা স্বৰাজৰ বিমান কিৰ্গিস্তানলৈ যোৱাৰ বাবে পথ মুকলি কৰি দিছিল।

চৌদি আৰবৰ সহায়ত য়েমেনৰ পৰা উদ্ধাৰ ৪০০০ ভাৰতীয়ক
য়েমেনত হুথী বিদ্ৰোহী আৰু চৰকাৰৰ মাজত যুদ্ধৰ সময়ত সহস্ৰাধিক ভাৰতীয় আবদ্ধ হৈ পৰিছিল। য়েমেনত আবদ্ধ ভাৰতীয়সকলে সহায়ৰ বাবে অনুৰোধ জনাইছিল বিদেশ মন্ত্ৰী সুষমা স্বৰাজক। ২০১৫ চনত সুষমা স্বৰাজে চৌদি আৰবৰ সহায়ত য়েমেনত আবদ্ধ ভাৰতীয় আৰু বিদেশীসকলক মুকলি কৰি আনিবলৈ সক্ষম হৈছিল। য়েমেনৰ পৰা ৪০০০ৰো অধিক ভাৰতীয় আৰু বিদেশীক মুকলি কৰাৰ বাবে ভাৰতীয় সশস্ত্ৰ বলে ‘অপাৰেচন ৰাহট’ আৰম্ভ কৰিছিল।



ছুদানৰ পৰা ১৫০ আৰু লিবিয়াৰ পৰা ২৯ ভাৰতীয়ক মুকলি
সুষমা স্বৰাজে দক্ষিণ ছুদানৰ গৃহ যুদ্ধৰ ফলত তাত আবদ্ধ ভাৰতীয়সকলক সুকলমে স্বদেশলৈ ওভতাই অনাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ছুদানৰ পৰা ভাৰতীয়সকলক মুকলি কৰাৰ বাবে স্বৰাজে ‘অপাৰেচন সংকটমোচন’ৰ আৰম্ভ কৰিছিল। এই অভিযানত দক্ষিণ ছুদানত আবদ্ধ ১৫০ৰো অধিক ভাৰতীয়ক মুকলি কৰি অনা হয়। ইয়াৰ ভিতৰত ৫৬জন লোক কেৰালাৰ আছিল। ইয়াৰ উপৰি লিবিয়াত চৰকাৰ আৰু বিদ্ৰোহীৰ মাজত চলা যুদ্ধৰ ফলত আবদ্ধ ২৯ ভাৰতীয়ক তাৰ পৰা সুৰক্ষিতভাৱে ভাৰতলৈ ওভতাই আনিছিল সুষমা স্বৰাজে।

পাকিস্তানত প্ৰৱেশ কৰা গীতাক ওভতাই আনিছিল ভাৰতলৈ
১১ বছৰ বয়সত ভুলক্ৰমে সীমান্ত পাৰ হৈ পাকিস্তানত প্ৰৱেশ কৰা দিব্যাংগ ভাৰতীয় যুৱতী গীতাক সুষমা স্বৰাজৰ প্ৰচেষ্টাতে ভাৰতলৈ ওভতাই অনা হৈছিল। ভাৰতলৈ আহি গীতাই প্ৰথমে সাক্ষাৎ কৰিছিল সুষমা স্বৰাজক। কৰাচীস্থিত এধি ফাউণ্ডেচনত ভাৰতৰ উচ্চায়ুক্তই সুষমা স্বৰাজৰ সৈতে সাক্ষাৎ কৰাইছিল গীতাক। গীতাক সহায়ৰ প্ৰচেষ্টা চলোৱা পাকিস্তানৰ মানৱ অধিকাৰ কৰ্মী আনছাৰ বৰ্নীয়ে গীতাৰ ফটো লৈ ২০১২ চনৰ অক্টোবৰত ভাৰতলৈ আহিছিল, কিন্তু তেতিয়া তেওঁ সফল নহ’ল। তাৰ পিছত সুষমা স্বৰাজৰ সক্ৰিয় ভূমিকাৰ বাবে ভাৰতলৈ উভতি আহিবলৈ সক্ষম হৈছিল গীতা।



সীমান্তৰ সিপাৰৰ পৰা অনুৰোধক গুৰুত্ব
বিদেশ মন্ত্ৰী সুষমা স্বৰাজে পাকিস্তানৰ লাহোৰৰ এটি হৃদৰোগত আক্ৰান্ত নৱজাতকক মেডিকেল ভিছা প্ৰদান কৰিছিল। ৰোহন নামৰ শিশুটিৰ মাতৃয়ে চিকিৎসাৰ বাবে ভিছা প্ৰদানৰ বাবে সুষমা স্বৰাজৰ হস্তক্ষেপ বিচাৰিছিল। সুষমা স্বৰাজে টুইটাৰযোগে কৈছিল যে আমি ভাৰতত ৰোহনৰ চিকিৎসাৰ বাবে মেডিকেল ভিছা প্ৰদান কৰিম। ইয়াৰ পূৰ্বেও সুষমা স্বৰাজৰ হস্তক্ষেপত দুই পাকিস্তানী নাগৰিকক মেডিকেল ভিছা প্ৰদান কৰা হৈছিল। কেঞ্চাৰত আক্ৰান্ত ২৫ বছৰীয়া ফেইজা তনবীৰক ২০১৭ চনৰ ১৩ আগষ্টত আৰু আঢ়ৈমহীয়া ৰোহন কমবল ছিদ্দিকীক ২০১৭ চনৰ জুনত মেডিকেল ভিছা প্ৰদান কৰা হৈছিল।



যুদ্ধৰ ফলত আবদ্ধ ইৰাকৰ পৰা ৪৬ ভাৰতীয় নাৰ্ছক উদ্ধাৰ
ইৰাকত সন্ত্ৰাসবাদী সংগঠন ইছলামিক ষ্টেট (ISIS)-এ ভাৰতৰ নাৰ্ছৰ এটা দলক আবদ্ধ কৰিছিল। ইয়াৰ পিছত তৎকালীনভাৱে বিদেশ মন্ত্ৰী সুষমা স্বৰাজে ভাৰতীয় নাৰ্ছসকলক স্বদেশলৈ ওভতাই আনিবলৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ব্যৱস্থা গ্ৰহণ কৰে। স্বৰাজৰ প্ৰচেষ্টাতে ইৰাকৰ পৰা ৪৬ গৰাকী ভাৰতীয় নাৰ্ছসহ এয়াৰ ইণ্ডিয়াৰ বিশেষ বিমান ২০১৪ চনৰ ৫ জুলাইত দিল্লীত উপস্থিত হয়।
আৰু চাওক পৰৱৰ্তী বাতৰি