কোন হ’ব সুষমা স্বৰাজৰ ৩২ কোটি টকাৰ সম্পত্তিৰ গৰাকী?

সুষমা আৰু তেওঁৰ স্বামীৰ ১৯ কোটি জমাধন আছে। য’ত ১৭ কোটিৰ এফডিআৰ অন্তৰ্ভুক্ত হৈ আছে।

News18-Assam
Updated:August 7, 2019, 12:06 PM IST
কোন হ’ব সুষমা স্বৰাজৰ ৩২ কোটি টকাৰ সম্পত্তিৰ গৰাকী?
সুষমা আৰু তেওঁৰ স্বামীৰ ১৯ কোটি জমাধন আছে। য’ত ১৭ কোটিৰ এফডিআৰ অন্তৰ্ভুক্ত হৈ আছে।
News18-Assam
Updated: August 7, 2019, 12:06 PM IST
মঙলবাৰে শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন বিদেশ মন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেত্ৰী সুষমা স্বৰাজে। স্বৰাজৰ মৃত্যুত দেশজুৰি বৈছে শোকৰ বন্যা। ছচিয়েল মিডিয়াতো সক্ৰিয় আছিল সুষমা স্বৰাজ, সেয়েহে ছচিয়েল মিডিয়াতো লক্ষ লক্ষ লোকে শ্ৰদ্ধাঞ্জলি জনাইছে বিজেপি নেত্ৰীগৰাকীলৈ। প্ৰধানমন্ত্ৰী মোদীয়ে টুইটাৰত লিখিছে – ‘ভাৰতীয় ৰাজনীতিত এক গৌৰৱোজ্জ্বল অধ্যাৰ অন্ত পৰিল। অসাধাৰণ নেত্ৰীগৰাকীৰ বিয়োগত ভাৰত শোকস্তব্ধ। যিগৰাকীয়ে জনসেৱা আৰু দৰিদ্ৰৰ জীৱনলৈ পৰিৱৰ্তন অনাৰ বাবে জীৱনটো সমৰ্পিত কৰিছিল। সুষমা নিজৰ মাজতে পৃথক আছিল আৰু কোটি কোটি লোকৰ বাবে প্ৰেৰণা আছিল।’

বিদেশ মন্ত্ৰী হৈ থকাৰ সময়তো সুষমা স্বৰাজে বহু লোকক সহায় কৰিছিল। বিদেশত আবদ্ধ হৈ থকা লোকসকলক বহুবাৰ সহায় কৰিছে স্বৰাজে। ইয়াৰ ভিতৰত ভাৰতলৈ অহাৰ বাবে ভিছাৰ সমস্যাৰ সমাধান টুইটাৰত দিয়াৰ দৰে ঘটনাও আছে।

এতিয়া জনাবলৈ লৈছো সুষমা স্বৰাজৰ সম্পত্তিৰ বিষয়ে। এডিআৰ ইণ্ডিয়াৰ ৱেবছাইটৰ পৰা পোৱা তথ্য অনুসৰি, ২০১৮ৰ শেষৰ শপতনামা অনুসৰি সুষমা স্বৰাজ আৰু স্বামীৰ আছে ৩২ কোটিতকৈ অধিক সম্পত্তি।

ৰিপ’ৰ্ট অনুসৰি, সুষমা আৰু তেওঁৰ স্বামীৰ ১৯ কোটি জমাধন আছে। য’ত ১৭ কোটিৰ এফডিআৰ অন্তৰ্ভুক্ত হৈ আছে। স্বৰাজৰ স্বামীৰ ছেভিং একাউণ্টত আছে ৩০ লাখ টকা। সুষমা স্বৰাজৰ নাই কোনো নিজা গাড়ী। স্বামীৰ নামত আছে ২০১৭ মডেলৰ এখন মাৰ্চিডিজ গাড়ী, যিখনৰ মূল্য প্ৰায় ৩৬ লাখ টকা।

২০১৮ চনত সুষমা স্বৰাজে ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে নিজৰ আয়ৰ তথ্য দাখিল কৰিছিল। সেই অনুসৰি সুষমা স্বৰাজৰ আছিল ২৯,৩৪,০০০ টকাৰ অলংকাৰ।

সুষমা আৰু তেওঁৰ স্বামীৰ আছে কেইবা কোটি টকাৰ সম্পত্তি। হাৰিয়ানাৰ পলৱলত আছে কৃষিভূমি, যাৰ মূল্য ৯৮ লাখ টকা। দিল্লীত সুষমা স্বৰাজৰ নামত আছে এটা প্ৰায় ২ কোটি টকা মূল্যৰ ৩ বি এইচ কে ফ্লেট। স্বামীৰ নামত মুম্বাই আৰু দিল্লীত আছে দুটা ফ্লেট। মুম্বাইৰ ফ্লেটটোৰ দাম ৬ কোটি আৰু দিল্লীৰ ফ্লেটটোৰ নাম প্ৰায় ২ কোটি টকা। গুৰুত্বপূৰ্ণ যে সুষমা স্বৰাজৰ কোনো ঋণ নাই। সুষমাৰ পিছত সকলো সম্পত্তিৰ গৰাকী হ’ব তেওঁৰ স্বামী।
আৰু চাওক পৰৱৰ্তী বাতৰি