মানসিক অৱসাদে যেতিয়া অভিনেতা সুশান্তক আৱৰি ধৰিছিল, তেতিয়াৰ পৰাই সুশান্তৰ কাষত আছিল ফাজী!
মানসিক অৱসাদে যেতিয়া অভিনেতা সুশান্তক আৱৰি ধৰিছিল, তেতিয়াৰ পৰাই সুশান্তৰ কাষত আছিল ফাজী!
সিঁহতে নাজানে কি হৈ আছে! কিন্তু সিহতৰ চকুৰ ভাষা, অংগী-ভংগীয়ে নিশ্চয়কৈ বুজাই দিয়ে সকলো কথা। সঁচাকৈয়ে প্ৰভু ভক্ত কুকুৰ! গৃহস্থক মৰম লগাব জানে সিঁহতে। সিঁহত হৈ পৰে আটাইতকৈ বিশ্বাসীও।
সুশান্ত সিং ৰাজপুৰৰ পোহনীয়া কুকুৰটোৰ ক্ষেত্ৰতো মিলি যায় এইখিনি কথা। মানসিক অৱসাদে যেতিয়া অভিনেতা সুশান্তক আৱৰি ধৰিছিল, তেতিয়াৰ পৰাই সুশান্তৰ কাষত আছিল ফাজী! কিন্তু সুশান্তৰ মৃত্যুৰ কথা যেন এতিয়া বুজি উঠিছে কুকুৰটোৱে। প্ৰিয় মানুহজনলৈ অপেক্ষা কৰি এতিয়া খোৱা-শুৱা এৰিছে পোহনীয়া কুকুৰটোৱে। বৈ আহিছে চকুপানী।
ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটা বিশেষ ভিডিঅ’। দেখা গৈছে যে, সুশান্তৰ পোহনীয়া কুকুৰ ফাজীয়ে খোৱা-শুৱা এৰি দিছে। তলতে পৰি থাকি চাই ৰৈছে কেৱল সুশান্তৰ ফটোখন।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|