সুশান্ত সিং ৰাজপুতৰ ফৰেনছিক টেষ্টৰ ভিডিঅ’ ভাইৰেল! ভিডিঅ’ত শুনা গৈছে চাঞ্চল্যকৰ কথোপকথন, চাওক Video

News18 Assam | News18-Assam
Updated:July 29, 2020, 5:12 PM IST
সুশান্ত সিং ৰাজপুতৰ ফৰেনছিক টেষ্টৰ ভিডিঅ’ ভাইৰেল! ভিডিঅ’ত শুনা গৈছে চাঞ্চল্যকৰ কথোপকথন, চাওক Video
এই ভিডিঅ’ত দুই ব্যক্তিৰ চাঞ্চল্যকৰ কথোপকথন এতিয়া ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত।

এই ভিডিঅ’ত দুই ব্যক্তিৰ চাঞ্চল্যকৰ কথোপকথন এতিয়া ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত।

  • Share this:
সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ঘটনা সন্দৰ্ভত এটাৰ পিছত আন এটা ৰহস্যৰ উন্মোচন হৈছে। মঙলবাৰে ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে একাধিক গুৰুতৰ অভিযোগ উত্থাপন কৰি গোচৰ ৰুজু কৰিছে সুশান্তৰ পিতৃ কেকে সিঙে। ইয়াৰ পিছত আজি এটা ফাদিল হৈছে যিটো সুশান্তৰ ফৰেন্সিক টেষ্টৰ ভিডিঅ’ বুলি দাবী কৰা হৈছে। এই ভিডিঅ’ত দুই ব্যক্তিৰ চাঞ্চল্যকৰ কথোপকথন এতিয়া ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত।

ভিডিঅ’টোত কোৱা হৈছে উক্ত ভিডিঅ’ লীক হোৱাৰ কথা। যিয়ে ভিডিঅ’ বনাইছিল তেওঁ জানিছিল নেকি যে এই ভিডিঅ’ ফাদিল হ’বই? কিয় এইধৰণৰ কথা পাতিছিল তেওঁলোকে? শুনক ভিডিঅ’ত কি কোৱা হৈছে –



ভিডিঅ’টোত দুজন লোকে পৰস্পৰক কৈছে, ‘এই ভিডিঅ’ ফুটেজ ফাদিল হ’লে ভাল নহ’ব। আমাৰ তদন্ত একেবাৰে চাৰখাৰ হৈ যাব।’ এই ভিডিঅ’ পোহৰলৈ অহাৰ পিছত এতিয়া নানা প্ৰশ্নৰ উদ্ৰেক ঘটিছে দেশবাসীৰ মনত। প্ৰশ্ন হয়, সুশান্তৰ মৃত্যু সন্দৰ্ভত কোনো তথ্য গাপ দিয়াৰ চেষ্টা কৰা হৈছে নেকি? সুশান্তৰ মৃত্যুৰ পিছত থকা এই ৰহস্য সঁচাকৈ ফাদিল হ’বনে? নে সকলো লাহে লাহে পাহৰণিৰ গৰ্ভত বিলীন হৈ যাব!
Published by: Sanjay Kumar Das
First published: July 29, 2020, 5:12 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading