অৱশেষত নীৰৱতা ভাঙিলে সুশান্তৰ পিতৃয়ে, অংকিতা–ৰিয়াক লৈ ক’লে এই কথা

News18 Assam | News18-Assam
Updated:June 26, 2020, 11:26 AM IST
অৱশেষত নীৰৱতা ভাঙিলে সুশান্তৰ পিতৃয়ে, অংকিতা–ৰিয়াক লৈ ক’লে এই কথা
পুত্ৰৰ ফটোৰ সন্মুখত স্থিৰ হৈ বহি থকা দেখা গৈছিল অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী কেকে সিঙক।

পুত্ৰৰ ফটোৰ সন্মুখত স্থিৰ হৈ বহি থকা দেখা গৈছিল অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী কেকে সিঙক।

  • Share this:
একমাত্ৰ পুত্ৰৰ মৃত্যুৰ শোকে বাকৰুদ্ধ কৰিছিল পিতৃক। কেইবাদিনো ধৰি কেবল পুত্ৰৰ ফটোৰ সন্মুখত বহি চকুপানী টুকিছিল। তাৰ মাজতে পালন কৰিছিল নিজৰ সমস্ত দায়িত্ব তথা কৰ্তব্য। দুৰ্ভগীয়া পিতৃয়েও হয়তো মনৰ ভিতৰতে বিচাৰিছে সেই প্ৰশ্নৰ উত্তৰ – কিয় এনেকুৱা কৰিলে সুশান্তই?

সুশান্তৰ মৃত্যুৰ ১২ দিন অতিক্ৰম কৰিলে। আত্মাৰ সদগতিৰ বাবে ৰীতি–নীতি অনুযায়ী সকলো কাম–কাজ শেষ কৰা হৈছে। সুশান্তৰ পাটনাৰ বাসগৃহ আয়োজন কৰা হৈছিল স্মৃতিচাৰণ সভা। তাতেই পুত্ৰৰ ফটোৰ সন্মুখত স্থিৰ হৈ বহি থকা দেখা গৈছিল অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী কেকে সিঙক। অৱশেষত নীৰৱতা ভংগ কৰিলে সুশান্ত সিং ৰাজপুতৰ পিতৃয়ে।



সুশান্তৰ মৃত্যু, প্ৰেম, সম্পৰ্ক আদিক লৈ প্ৰশ্ন কৰাত তওঁ জনায়, অংকিতা পাটনাৰ বাসগৃহলৈও আহিছিল। অংকিতাৰ সৈতে বিয়া ঠিক হোৱাৰ কথাও আছিল ২০১৬চনৰ শেষ ভাগত। কিন্তু সেই বছৰৰ আৰম্ভণিতে সিহঁতৰ ৬ বছৰীয়া প্ৰেমৰ সম্পৰ্ক শেষ হয়। কিন্তু কিয় এই সম্পৰ্কই পূৰ্ণতা নাপালে, কিয় অংকিতাৰ সৈতে বিচ্ছেদ হ’ল? তাৰ উত্তৰত কেকে সিঙে ক’লে – যি হ’বলগীয়া থাকে সেয়াই হয়।



সম্প্ৰতি সুশান্তৰ সৈতে বিয়াক লৈ কিবা কথা হৈছিলনে? সুশান্তৰ পিতৃয়ে ক’লে, হৈছিল। ৰিয়াক তেওঁ চিনি নাপায়। সুশান্তই কৈছিল, এতিয়া কোৰোণাৰ বাবে বিয়া নহ’ব। এখন ছবি হাতত আছে। সেয়া হৈ গ’লে ফেব্ৰুৱাৰী–মাৰ্চত দেখা যাব। এয়াই আছিল পিতৃৰ সৈতে সুশান্তৰ শেষ কথোপকথন।
First published: June 26, 2020, 11:26 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading