মুখ্যপৃষ্ঠা »খবৰ »দেশ »সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্ত কৰিব চিবিআয়ে, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ – সহযোগ কৰক মুম্বাই আৰক্ষীয়ে

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্ত কৰিব চিবিআয়ে, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ – সহযোগ কৰক মুম্বাই আৰক্ষীয়ে

উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তক লৈ মহাৰাষ্ট্র চৰকাৰে ৰিভিউ পিটিচন দাখিল কৰাৰ সম্ভাৱনা আছে।

উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তক লৈ মহাৰাষ্ট্র চৰকাৰে ৰিভিউ পিটিচন দাখিল কৰাৰ সম্ভাৱনা আছে।

উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তক লৈ মহাৰাষ্ট্র চৰকাৰে ৰিভিউ পিটিচন দাখিল কৰাৰ সম্ভাৱনা আছে।

  • Share this:
অভিনেতা সুশান্ত সিং ৰাজপুৰত মৃত্যুৰ গোচৰক লৈ উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিলে শুনানি। ন্যায়ালয়ে কয় যে এই গোচৰৰ তদন্ত চিবিআয়ে কৰিব। সুশান্তৰ প্ৰেমিকা আৰু এই গোচৰত সাঙোৰ খাই পৰা ৰিয়া চক্ৰৱৰ্তীয়ে নিজৰ বিৰুদ্ধে পাটনাত দাখিল কৰা এফ আই আৰ মুম্বাইলৈ ট্ৰান্সফাৰ কৰাৰ বাবে আবেদন কৰিছিল। এই আবেদন খাৰিজ কৰি ন্যায়ালয়ে এই গোচৰৰ তদন্তৰ ভাৰ চিবিআইক অৰ্পণ কৰে। উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তক লৈ মহাৰাষ্ট্র চৰকাৰে ৰিভিউ পিটিচন দাখিল কৰাৰ সম্ভাৱনা আছে।

উচ্চতম ন্যায়ালয়ে নিজৰ সিদ্ধান্ত সদৰি কৰি কয় যে সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্ত এতিয়া চিবিআয়ে কৰিব। পাটনাত যি এফ আই আৰ দাখিল কৰা হৈছে সেয়া আইনসন্মত। এই সিদ্ধান্তৰ পিছত মহাৰাষ্ট্র চৰকাৰৰ অধিবক্তাই কয় যে আমি এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাম। এই সন্দৰ্ভত ন্যায়ালয়ে কয় যে এয়া ৩৫ পৃষ্ঠাৰ সিদ্ধান্ত। প্ৰথমে আপুনি এইখন পঢ়ক। আমি সকলো অধ্যয়ন কৰাৰ পিছতহে সিদ্ধান্ত শুনাইছো।

উচ্চতম ন্যায়ালয়ে কয় যে নীতিশ চৰকাৰে এই গোচৰৰ যি চিবিআই তদন্ত বিচাৰিছিল সেয়া সঠিক আছিল। মহাৰাষ্ট্র চৰকাৰে এতিয়া তদন্তত সহযোগ কৰিব লাগিব। মুম্বাই আৰক্ষীয়ে এই সন্দৰ্ভত সকলো প্ৰমাণ চিবিআইক দাখিল কৰিব লাগিব।

শেহতীয়া বাতৰি