২৯ দিনৰ মূৰত জামিন পালে ৰিয়া চক্ৰৱৰ্তীয়ে, অধিবক্তাই ক’লে – সত্যৰ জয়

News18 Assam | News18-Assam
Updated:October 7, 2020, 11:54 AM IST
২৯ দিনৰ মূৰত জামিন পালে ৰিয়া চক্ৰৱৰ্তীয়ে, অধিবক্তাই ক’লে – সত্যৰ জয়
৮ ছেপ্টেম্বৰত গ্ৰেপ্তাৰ কৰা হৈছিল ৰিয়া চক্ৰৱৰ্তীক।

৮ ছেপ্টেম্বৰত গ্ৰেপ্তাৰ কৰা হৈছিল ৰিয়া চক্ৰৱৰ্তীক।

  • Share this:
২৯ দিনৰ মূৰত জামিন পালে ৰিয়া চক্ৰৱৰ্তীয়ে। মুম্বাই উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিলে ৰিয়াৰ। ৰিয়াই জামিন পালেও অৱশ্যে ভাতৃ শৌভিকে এতিয়াও পোৱা নাই জামিন।

আজি মুম্বাই হাই ক’ৰ্টৰ ন্যায়াধীশ এছ ভি কোটৱাইৰ এজনীয়া বিচাৰপীঠে এক লাখ টকা বণ্ডত জামিন প্ৰদান কৰে ৰিয়া চক্ৰৱৰ্তীক। ৰিয়াক পাছপ’ৰ্ট জমা ৰাখিবলৈ কোৱা হৈছে। ৰিয়াৰ উপৰি জামিন পাইছে ছেমুৱেল মিৰাণ্ডা, দীপেশ সাৱন্তেও।

তিনিদিনৰ মাৰাথন জেৰাৰ পিছত বিগত ৮ ছেপ্টেম্বৰত গ্ৰেপ্তাৰ কৰা হৈছিল ৰিয়া চক্ৰৱৰ্তীক। ড্ৰাগছৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল নাৰ্ক’টিক কন্ট্র’ল ব্যূৰ’ৱে।
Published by: Sanjay Kumar Das
First published: October 7, 2020, 11:54 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading