মুখ্যপৃষ্ঠা »খবৰ »দেশ »Solar Eclipse 2021: সূৰ্য গ্ৰহণৰ সময়ত কি খাব, কি নাখাব ? কেনেদৰে ল'ব নিজৰ স্বাস্থ্যৰ যতন ?

Solar Eclipse 2021: সূৰ্য গ্ৰহণৰ সময়ত কি খাব, কি নাখাব ? কেনেদৰে ল'ব নিজৰ স্বাস্থ্যৰ যতন ?

গ্ৰহণৰ সময়ত কি কৰিব লাগে আৰু কি নকৰিব নালাগে সেই সম্পৰ্কে  বহু প্ৰচলিত কথা জড়িত হৈ আছে।

গ্ৰহণৰ সময়ত কি কৰিব লাগে আৰু কি নকৰিব নালাগে সেই সম্পৰ্কে বহু প্ৰচলিত কথা জড়িত হৈ আছে।

  • Share this:
২০২১ বৰ্ষৰ আজি প্ৰথমটো সূৰ্য গ্ৰহণ । এয়া এক সম্পূৰ্ণ সূৰ্যগ্ৰহণ হ'ব, য'ত চন্দ্ৰই পৃথিৱীক সম্পূৰ্ণৰূপে আৱৰি ৰাখিব। এই ক্ষেত্ৰত, কেৱল সূৰ্যৰ বাহিৰৰ স্তৰহে দৃশ্যমান হ'ব । গ্ৰহণৰ সময়ত সূৰ্যই ইয়াৰ প্ৰায় ৯৪ শতাংশ গ্ৰাস কৰিব । সম্পূৰ্ণ সূৰ্যগ্ৰহণৰ বাবেই দিনটোও আন্ধাৰ হোৱা দেখা যাব । ভাৰতত এই গ্ৰহণ আংশিকভাৱে পৰিব। সেয়েহে গ্ৰহণ কাল বৈধ নহ'ব। আমেৰিকা যুক্তৰাজ্য, ইউৰোপ আৰু এছিয়াৰ উত্তৰ অংশতো আংশিক গ্ৰহণ হোৱা দেখা যাব । সম্পূৰ্ণ সূৰ্যগ্ৰহণ উত্তৰ কানাডা, গ্ৰীণলেণ্ড আৰু ৰাছিয়াতহে হ'ব ।

সূৰ্যগ্ৰহণৰ সময় -
বছৰটোৰ প্ৰথম সূৰ্যগ্ৰহণ দুপৰীয়া ১.৪২ বজাত আৰম্ভ হ'ব আৰু সন্ধিয়া ৬.৪১ বজালৈকে চলিব। এইবাৰ গ্ৰহণৰ সময়ত ভাৰতত সূতক কাল বৈধ নহয়।

গ্ৰহণৰ সময়ত লওক স্বাস্থ্যৰ যতন -

গ্ৰহণৰ সময়ত কি কৰিব লাগে আৰু কি নকৰিব নালাগে সেই সম্পৰ্কে বহু প্ৰচলিত কথা জড়িত হৈ আছে। কিছুমান লোকে এই সময়ছোৱাত উপবাসত বিশ্বাস কৰে, আনহাতে কিছুমান লোকে গ্ৰহণৰ সময়ত যিকোনো ঘৰুৱা কাম পৰিহাৰ কৰাৰ পৰামৰ্শ দিয়ে। তেনেস্থলত গ্ৰহণৰ সময়ত স্বাস্থ্য় সৈতে জড়িত কি কি দিশত গুৰুত্ব দিয়া উচিত সেই বিষয়ে জানক সকলো -

- সাধাৰণতে কোনো সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়োজন নাই যদিও আয়ুৰ্বেদৰ দৃষ্টিকোণৰ পৰা গ্ৰহণৰ দুঘণ্টা আগতে পাতল আৰু সহজে হজম কৰিব পৰা খাদ্য খোৱা উচিত, সূৰ্যগ্ৰহণৰ সময়ত একো খাব নালাগে ।

- আপুনি গ্ৰহণৰ আগতে খোৱা খাদ্যত হালধি যোগ দিব পাৰে। গ্ৰহণৰ দুঘণ্টা আগতে প্ৰচুৰ পৰিমাণে পানী খাবলৈও পৰামৰ্শ দিয়া হৈছে। আপুনি তুলসী চাহো খাব পাৰে।

- আয়ুৰ্বেদে গ্ৰহণৰ সময়ত দুবৰি বন ব্যৱহাৰ কৰাৰ পৰামৰ্শও দিয়ে। এয়া মুখ্যতঃ প্ৰাচীন বছৰৰ পৰা চলি থকা প্ৰথাৰ ওপৰত আধাৰিত। বৈজ্ঞানিকভাৱে, এই সাৱধানতাবোৰৰ কোনো চিহ্ন চিনাক্ত কৰা হোৱা নাই।

শেহতীয়া বাতৰি