আজৱ! পুত্ৰৰ বিয়াৰ আগত কইনাৰ মাতৃক পলুৱাই লৈ গ’ল দৰাৰ পিতৃয়ে!

এইপৰ্যন্ত গুজৰাটৰ চুৰাটৰ চল্লিশোৰ্ধৰ পিতৃ–মাতৃহাল সন্ধানহীন হৈ আছে। আৰক্ষীয়ে সন্ধান অব্যাহত ৰাখিছে।
এইপৰ্যন্ত গুজৰাটৰ চুৰাটৰ চল্লিশোৰ্ধৰ পিতৃ–মাতৃহাল সন্ধানহীন হৈ আছে। আৰক্ষীয়ে সন্ধান অব্যাহত ৰাখিছে।
- News18 Assam
- Last Updated: January 21, 2020, 12:27 PM IST
টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশ পোৱা এটা বাতৰি মতে ল’ৰাৰ পিতৃ চুৰাটৰ কটাৰগামৰ অঞ্চলৰ পৰা সন্ধানহীন হোৱাৰ বিপৰীতে মহিলাগৰাকী নৱসাৰী এলেকাৰ পৰা নোহোৱা হৈছে। পৰিয়ালৰ অভিযোগ দুয়োৰে মাজত পুৰণি প্ৰেম আকৌ জাগ্ৰত হোৱাৰ কাৰণেই এই লজ্জাজনক কাণ্ড কৰিলে। দুয়োটা পৰিয়ালে পৃথকে পৃথকে আৰক্ষী থানাত সন্ধানহীন হোৱাৰ ৰিপ’ৰ্ট দাখিল কৰিছে।
জানিব পৰা মতে, প্ৰায় এবছৰ পূৰ্বে দৰা–কইনাৰ বাগদান সম্পন্ন হৈছিল। নিজৰ বিয়াৰ কাৰণে জোৰদাৰ প্ৰস্তুতি চলাই থাকোতে পিতৃ–মাতৃয়ে কৰা ঘটনাক লৈ হতভম্ব দুয়ো। একেটা সমূদায়ৰ হোৱাৰ কাৰণে এই বিয়াখনত ঘৰৰ কাৰোৰে আপত্তি নাছিল। কিন্তু সকলো ঠিকে ঠিকে হৈ গৈ থকাৰ সময়তে আউল লগালে অভিভাৱকৰ প্ৰেমে!
দুয়োটা পৰিয়ালৰ সম্পৰ্কীয় লোকে প্ৰকাশ কৰা মতে, দুয়ো একেটা ছচাইটিত থকাৰ কাৰণে ঘনিষ্ঠ আছিল। একাংশ বন্ধুৰ মতে কলেজৰ দিনতো দুয়োৰে মাজত প্ৰেম আছিল। কিন্তু মহিলাগৰাকীৰ বিয়া এজন হীৰাৰ ব্যৱসায়ীৰ সৈতে কৰোৱা হৈছিল। ছচিয়েল মিডিয়াত দুয়োৰে বহু ফটো শ্বেয়াৰ হৈছে।