আজিৰ দিনটোত গণেশ চতুৰ্থী হিচাপে পালন কৰা হৈছে। ১৬ বছৰ পূৰ্বে চুৰাটৰ কাটাৰ্গাম অঞ্চলৰ পাণ্ডৱ পৰিয়ালে ২৭ কেৰেট হীৰাৰ টুকুৰা এটা পাইছিল। আকৰ্ষণৰ কেন্দ্ৰবিন্দু গণেশৰ আকাৰৰ সেই হীৰাৰ টুকুৰাটো পাণ্ডৱ পৰিয়ালটোৱে নিজৰ ঘৰত ৰাখে। গণেশ চতুৰ্থীৰ দিনা পৰিয়ালটোৱে সেই হীৰাৰ গণেশ আকাৰটো স্থাপনা কৰে। এই গণেশ আকাৰৰ হীৰাৰ বজাৰ মূল্য ৫০০ কোটি টকা বুলি জানিব পৰা গৈছে।
আজি সমগ্ৰ দেশতে ভগৱান গণেশৰ প্ৰতিষ্ঠা দিৱস অতি ধুমধামেৰে উদযাপন কৰা হৈছে। হীৰা নগৰ বুলি খ্যাত চহৰ চুৰাটৰ পাণ্ডৱ পৰিয়ালটোৱে নিজৰ ঘৰত প্ৰকৃত হীৰা গণেশ প্ৰতিষ্ঠা কৰিছে। জানিব পৰা মতে, চুৰাটৰ কাটাৰ্গাম এলেকাত বাস কৰা পাণ্ডৱ পৰিয়ালটোৱে হীৰাৰ দালাল হিচাপে কাম কৰি থকা অৱস্থাত হীৰাৰ টুকুৰাটো পাইছিল।
অৱশ্যে, ধাৰ্মিক মনোভাৱৰ বাবে ২৭ কেৰেটৰ হীৰাটো তেওঁলোকে ঘৰতে ৰাখে। জ্বলন্ত গণপতিৰ দৰে দেখা হীৰা তেওঁলোকে কেতিয়াও বিক্ৰী কৰা নাছিল বৰঞ্চ তেওঁলোকে পূজা কৰে সেই গণেশ সদৃশ হীৰাটো।

পৰিয়ালটোৱে এই হীৰাৰ গণেশক বহু বছৰ ধৰি গণেশ চতুৰ্থীৰ সময়ত ঘৰতে প্ৰতিষ্ঠা কৰি আহিছে। অৱশ্যে, পাণ্ডৱ পৰিয়ালে ইয়াক ডাইমণ্ডছ অফ ইণ্ডিয়াৰ দ্বাৰা অনুসন্ধান কৰাইছিল। এই অনুসন্ধানত এইটো এটা প্ৰাকৃতিক হীৰা বুলি প্ৰমাণিত হয় আৰু তেওঁলোকৰ ওচৰত ইয়াৰ এখন প্ৰমাণপত্ৰও আছে। অৱশ্যে, বজাৰমূল্য অনুসৰি এই হীৰাটোৰ মূল্য ৫০০ কোটি টকা।
জানিব পৰা মতে, এই হীৰাটো বিগত ১৬ বছৰ ধৰি সংৰক্ষণ কৰি আহিছে পাণ্ডৱ পৰিয়ালটোৱে। গণেশ চতুৰ্থীৰ দিনটোত গণেশ আকাৰৰ হীৰাক স্থাপন কৰা হয় আৰু দহ দিনৰ পিছত হীৰাৰ গণেশ দেৱতাক গাখীৰত ধুই পুনৰ শুদ্ধি কৰি ৰখা হয়।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : August 31, 2022, 15:29 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।