প্ৰেমিকাক কোলাত বহুৱাই বাইক ষ্টাণ্ট কৰি বিপদত পৰিল প্ৰেমিক, আৰক্ষীয়ে বিহিলে জৰিমনা, চাওক Video

News18 Assam | News18-Assam
Updated:March 22, 2021, 3:52 PM IST
প্ৰেমিকাক কোলাত বহুৱাই বাইক ষ্টাণ্ট কৰি বিপদত পৰিল প্ৰেমিক, আৰক্ষীয়ে বিহিলে জৰিমনা, চাওক Video
ছচিয়েল মিডিয়াত এতিয়া ভাইৰেল হৈছে এটা বাইক ষ্টাণ্টৰ ভিডিও।

ছচিয়েল মিডিয়াত এতিয়া ভাইৰেল হৈছে এটা বাইক ষ্টাণ্টৰ ভিডিও।

  • Share this:
জনপ্ৰিয় হ’বলৈ বহু সময়ত বহুজনে বিভিন্ন পন্থা অৱলম্বন কৰা দেখা যায়। ছচিয়েল মিডিয়াত এতিয়া ভাইৰেল হৈছে এটা বাইক ষ্টাণ্টৰ ভিডিও। গুজৰাটৰ চুৰাটৰ এই ভিডিওটোত এহাল প্ৰেমিক-প্ৰেমিকাই বাইক ষ্টাণ্ট কৰি ৰোমাঞ্চত মগ্ন হোৱা দেখা গৈছে। কিন্তু ভিডিওটোৱে যিমানেই চৰ্চা লাভ কৰিছে, সিমানেই এতিয়া বিপদ বাঢ়িছে দুয়ো প্ৰেমিক-প্ৰেমিকৰ!

ভিডিওটো আৰক্ষীৰ হাতত পৰাৰ পিছতে প্ৰেমিক-প্ৰেমিকাৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু এতিয়া বাধ্যত পৰি ছচিয়েল মিডিয়াৰ জৰিয়তে দুয়ো বিচাৰিছে ক্ষমা।



তথ্য অনুসৰি, ভিডিওটো ৬ দিনৰ পূৰ্বে কৰা হৈছিল। ভিডিওটোত আব্দুল ৰহমান মহম্মদ ইমটিয়াজ বুলি পৰিচিত যুৱকজনে এগৰাকী যুৱতীৰ সৈতে বাইক চলাই আছিল। যুৱতীৰাকী তেওঁৰ হ’বলগীয়া পত্নী বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে ৰাস্তাত বাইক ষ্টাণ্ট কৰাৰ বাবে ৰহমানৰ বিৰুদ্ধে ২৭৯ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰিছে।  উল্লেখযোগ্য যে, বাইক চলোৱাৰ সময়ত চালক আৰু আৰোহী এজনেও হেলমেট পৰিধান কৰা নাছিল। আনকি তেওঁলোকে মাস্কো পৰিধান কৰা নাছিল।

জানিব পৰা মতে, ৰহমান বি.কম দ্বিতীয় বৰ্ষৰ ছাত্ৰ। আৰক্ষীৰ ব্যৱস্থা লোৱাৰ পিছত, ৰাস্তাত কৰা ষ্টাণ্টৰ বাবে ৰহমানে ছচিয়েল মিডিয়াৰ জৰিয়তে ক্ষমা বিচাৰিছে। ৰহমানে কয় যে, "আমি নাজানো আমি কি ভুল কৰিছো কিন্তু মই স্বীকাৰ কৰো যে হেলমেট অবিহনে আমি এনে ষ্টান্ট কৰা উচিত নাছিল।'
Published by: Himangshu Bhuyan
First published: March 13, 2021, 12:15 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি