
সবৰিমালা বিতৰ্ক সন্দৰ্ভত সিদ্ধান্ত পাঠ কৰি উচ্চতম ন্যায়ালয়ে কয় যে এই গোচৰৰ প্ৰভাৱ কেবল মন্দিৰেই নহয়, মছজিদ আৰু পাৰ্চী মন্দিৰত মহিলাৰ প্ৰৱেশতো পৰিব।
সবৰিমালা বিতৰ্ক সন্দৰ্ভত সিদ্ধান্ত পাঠ কৰি উচ্চতম ন্যায়ালয়ে কয় যে এই গোচৰৰ প্ৰভাৱ কেবল মন্দিৰেই নহয়, মছজিদ আৰু পাৰ্চী মন্দিৰত মহিলাৰ প্ৰৱেশতো পৰিব।
সবৰিমালা মন্দিৰত বৰ্তমান অব্যাহত থাকিব মহিলাৰ প্ৰৱেশ। গোচৰটো ৭ জনীয়া সংবিধানপীঠলৈ ঠেলিলে উচ্চতম ন্যায়ালয়ে। আজি শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ৰ ৫জনীয়া বিচাৰপীঠে ৭জনীয়া বিচাৰপীঠৰ হাতত অৰ্পণ কৰে গোচৰটো।
৫জনীয়া বিচাৰপীঠৰ ৩গৰাকী ন্যায়াধীশে বিষয়টো ৭জনীয়া বিচাৰপীঠলৈ প্ৰেৰণ কৰাৰ পোষকতা কৰে। কিন্তু ন্যায়াধীশ নাৰিমন আৰু ন্যায়াধীশ চন্দ্ৰচূড়ে ৰাখিলে পৃথক মত। শেষত পাঁচজনীয়া বিচাৰপীঠে ৩:২ অনুপাতত গোচৰটো ৭জনীয়া বিচাৰপীঠলৈ প্ৰেৰণ কৰে।
সবৰিমালা বিতৰ্ক সন্দৰ্ভত সিদ্ধান্ত পাঠ কৰি উচ্চতম ন্যায়ালয়ে কয় যে এই গোচৰৰ প্ৰভাৱ কেবল মন্দিৰেই নহয়, মছজিদ আৰু পাৰ্চী মন্দিৰত মহিলাৰ প্ৰৱেশতো পৰিব। পৰম্পৰা ধৰ্মৰ সৰ্বোচ্চ সৰ্বসন্মত নিয়ম অনুসৰি হোৱা উচিত।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক। Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|