
পাঁচজনীয়া ন্যায়াধীশৰ বিচাৰপীঠে সংবিধানৰ ১০৩সংখ্যক সংশোধন অধিনিয়ম ২০১৯ৰ বৈধতা বাহাল ৰাখে।
পাঁচজনীয়া ন্যায়াধীশৰ বিচাৰপীঠে সংবিধানৰ ১০৩সংখ্যক সংশোধন অধিনিয়ম ২০১৯ৰ বৈধতা বাহাল ৰাখে।
চৰকাৰী চাকৰিত আৰ্থিকভাৱে দুৰ্বল শ্ৰেণী (EWS)ক ১০ শতাংশ সংৰক্ষণ প্ৰদান কৰা ১০৩সংখ্যক সংবিধান সংশোধনৰ বৈধতাক প্ৰত্যাহ্বান জনোৱা আবেদনৰ ওপৰত আজি উচ্চতম ন্যায়ালয়ত শুনানি গ্ৰহণ কৰা হয়। ৫ জনীয়া ন্যায়াধীশৰ বিচাৰপীঠৰ ৩ গৰাকী ন্যায়াধীশে EWS কোটাক সাংবিধানিক বুলি ৰায় প্ৰদান কৰে। পাঁচজনীয়া ন্যায়াধীশৰ বিচাৰপীঠে সংবিধানৰ ১০৩সংখ্যক সংশোধন অধিনিয়ম ২০১৯ৰ বৈধতা বাহাল ৰাখে। পাঁচগৰাকী ন্যায়াধীশৰ ৩ গৰাকীয়ে EWS সংৰক্ষণৰ সমৰ্থনত আৰু ২ গৰাকী ন্যায়াধীশে ইয়াৰ বিৰুদ্ধে ন্যায় প্ৰদান কৰে।
সৰ্বোচ্চ ন্যায়ালয়ৰ সংবিধানপীঠে ৪:২ৰ সংখ্যাগৰিষ্ঠতাৰে আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীক ১০ শতাংশ সংৰক্ষণ দিয়াৰ ব্যৱস্থাক সাংবিধানিক আখ্যা দিয়ে। ৫ গৰাকী ন্যায়াধীশৰ বিচাৰপীঠত ৩গৰাকী ক্ৰমে ন্যায়াধীশ দীনেশ মাহেশ্বৰী, ন্যায়াধীশ বেলা ত্ৰিবেদী আৰু ন্যায়াধীশ জেবি পাৰদিৱালাই EWS সংৰক্ষণৰ সমৰ্থনত ৰায় দিয়াৰ বিপৰীতে মুখ্য ন্যায়াধীশ ইউ ইউ ললিত আৰু ন্যায়াধীশ ৰবীন্দ্ৰ ভাটে EWS সংৰক্ষণত অসহমতি প্ৰকাশ কৰে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|