উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰে ২০১৬ চনত ৫০০ আৰু ১০০০ টকীয়া নোট বন্ধ কৰা সিদ্ধান্তৰ পক্ষত ৰায় প্ৰদান কৰিছে। সৰ্বোচ্চ ন্যায়ালয়ে সোমবাৰে এই গোচৰ সন্দৰ্ভত ৰায় প্ৰদান কৰি বিমুদ্ৰাকৰণৰ বিৰুদ্ধে দাখিল হোৱা সকলো আবেদন খাৰিজ কৰে। পাঁচগৰাকী ন্যায়াধীশৰ সংবিধানপীঠে কয় যে ২০১৬ত কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা ৫০০ আৰু ১০০০ টকীয়া নোট নিষিদ্ধ কৰাৰ বাবে লোৱা সিদ্ধান্ত কাৰ্যপালিকাৰ আৰ্থিক নীতিৰ অংশ আছিল, ইয়াক সলনি কৰিব পৰা নাযায়। সৰ্বোচ্চ ন্যায়ালয়ে নিজৰ ৰায়ত আৰু কয় যে বিমুদ্ৰাকৰণৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰ আৰু ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াৰ মাজত আলাপ–আলোচনা হৈছিল। এয়া কেন্দ্ৰৰ একপক্ষীয় সিদ্ধান্ত নাছিল।
উচ্চতম ন্যায়ালয়ে আৰু কয়, ‘ৰিজাৰ্ভ বেংকৰ ওচৰত বিমুদ্ৰাকৰণ বা ডিমনিটাইজেশ্যনৰ দৰে ডাঙৰ বিষয়ত সিদ্ধান্ত লোৱাৰ কোনো স্বতন্ত্ৰ শক্তি নাই।’ অৰ্থাৎ ইয়াক এনেদৰে ক’ব পৰা যায় যে কেন্দ্ৰীয় বেংকে এই বিষয়ে চৰকাৰক নিজৰ পৰামৰ্শ দিব পাৰে, কিন্তু এই সন্দৰ্ভত কোনো সিদ্ধান্ত লোৱাৰ অধিকাৰ কেৱল কেন্দ্ৰৰ ওচৰতহে আছে।
ন্যায়াধীশ বি ভি নাগৰত্নই ভিন্ন মত প্ৰকাশ কৰে আৰু অসহমতিপূৰ্ণ সিদ্ধান্ত লিখে। ন্যায়াধীশ এছ এ নাজিৰৰ অধ্যক্ষতাত ৫ সদস্যযুক্ত সংবিধান পীঠত ন্যায়াধীশ বি আৰ গৱাই, এ এছ বোপন্না, ভি ৰামসুব্ৰমণিয়ম আৰু বি ভি নাগৰত্ন অন্তৰ্ভুক্ত আছিল।
সৰ্বোচ্চ ন্যায়ালয়ে কয়, ১০০০ আৰু ৫০০ টকীয়া নোট বন্ধৰ নিৰ্দেশ বৈধ আছিল। কেন্দ্ৰই RBIৰ সৈতে আলোচনা কৰি সিদ্ধান্ত ল’ব লাগে। চৰকাৰে ৬মাহ ধৰি আলোচনা কৰিছিল RBIৰ সৈতে। বিমুদ্ৰাকৰণৰ লক্ষ্য–উদ্দেশ্য পূৰণ হ’লনে নাই সেয়া প্ৰাসংগিক নহয়। নোট সলোৱাৰ বাবে ৫২ দিন দিয়া হৈছিল। এয়া অযুক্তিকৰ নাছিল। বিমুদ্ৰাকৰণৰ পক্ষত ৰায় দি ক’লে ৫জনীয়া বিচাৰপীঠক ৪ ন্যায়াধীশে।
আনহাতে, বিমুদ্ৰাকৰণৰ বিৰুদ্ধে ৰায় দিলে ন্যায়াধীশ বি ভি নাগৰত্নই। নাগৰত্নৰ মতে বিমুদ্ৰাকৰণ আছিল বে–আইনী। সংসদত আইন প্ৰণয়ণেৰে কৰিব লাগিছিল বিমুদ্ৰাকৰণ। সমগ্ৰ ব্যৱস্থা লোৱা হৈছিল ২৪ ঘণ্টাত। উল্লেখযোগ্য যে বিমুদ্ৰাকৰণৰ বিৰুদ্ধে ৫৮খন আবেদন দাখিল কৰা হৈছিল SCত। আবেদনকাৰীসকলে কৈছিল, বিমুদ্ৰাকৰণে দশাৰ নাগৰিকক হাৰাশাস্তি কৰিছে। কিন্তু ৫জনীয়া বিচাৰপীঠৰ ৪ গৰাকী ন্যায়াধীশে বৈধ আখ্যা দিলে বিমুদ্ৰাকৰণক। এগৰাকী ন্যায়াধীশে বিমুদ্ৰাকৰণৰ বিৰুদ্ধে দিলে ৰায়। ৪:১ অনুপাতত বিমুদ্ৰাকৰণৰ পক্ষত ৰায় SCৰ।
উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৬ চনৰ ৮ নৱেম্বৰৰ নিশা ৮ বজাত ৰাষ্ট্ৰক সম্বোধন কৰি ৫০০ আৰু ১০০ টকীয়া নোট নিষিদ্ধ কৰাৰ ঘোষণা কৰিছিল।
FIRST PUBLISHED : January 02, 2023, 14:02 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।