• Home
  • »
  • News
  • »
  • nation
  • »
  • উপাসনা স্থান আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনোৱা আবেদনৰ কাইলৈ শুনানি

উপাসনা স্থান আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনোৱা আবেদনৰ কাইলৈ শুনানি

১৯৯১ চনৰ ১১ জুলাইত প্ৰৱৰ্তন কৰা এই আইনখনে ৰাম জন্মভূমি-বাবৰি মছজিদ বিবাদৰ বাহিৰে আন সকলো উপাসনাস্থলীৰ ‘ধৰ্মীয় চৰিত্ৰ’ ১৯৪৭ চনৰ দৰেই বজাই ৰাখিছিল।

১৯৯১ চনৰ ১১ জুলাইত প্ৰৱৰ্তন কৰা এই আইনখনে ৰাম জন্মভূমি-বাবৰি মছজিদ বিবাদৰ বাহিৰে আন সকলো উপাসনাস্থলীৰ ‘ধৰ্মীয় চৰিত্ৰ’ ১৯৪৭ চনৰ দৰেই বজাই ৰাখিছিল।

১৯৯১ চনৰ ১১ জুলাইত প্ৰৱৰ্তন কৰা এই আইনখনে ৰাম জন্মভূমি-বাবৰি মছজিদ বিবাদৰ বাহিৰে আন সকলো উপাসনাস্থলীৰ ‘ধৰ্মীয় চৰিত্ৰ’ ১৯৪৭ চনৰ দৰেই বজাই ৰাখিছিল।

  • Share this:
বৃহস্পতিবাৰে ভাৰতৰ উচ্চতম ন্যায়ালয়ে উপাসনা স্থান (বিশেষ ব্যৱস্থা) আইন, ১৯৯১ৰ বৈধতাক প্ৰত্যাহ্বান জনোৱা এটা গোটৰ আবেদনৰ ওপৰত দুসপ্তাহৰ ভিতৰত কেন্দ্ৰৰ সঁহাৰি বিচাৰে আৰু বিষয়টো ১১ অক্টোবৰত তিনিজনীয়া বিচাৰপীঠক শুনানিৰ নিৰ্দেশ দিয়ে।

১৯৯১ চনৰ ১১ জুলাইত প্ৰৱৰ্তন কৰা এই আইনখনে ৰাম জন্মভূমি-বাবৰি মছজিদ বিবাদৰ বাহিৰে আন সকলো উপাসনাস্থলীৰ ‘ধৰ্মীয় চৰিত্ৰ’ ১৯৪৭ চনৰ দৰেই বজাই ৰাখিছিল।

ভাৰতৰ মুখ্য ন্যায়াধীশ (CHIEF JUSTICE OF INDIA) উদয় উমেশ ললিতৰ নেতৃত্বত এখন বিচাৰপীঠে দুখন পিটিছন আৰু ১৫ খন আবেদনৰ ওপৰত জাননী জাৰি কৰি কয় যে আইনখনৰ বৈধতা সম্পৰ্কে সিদ্ধান্ত লোৱাৰ বাবে তিনিজনীয়া বিচাৰপীঠ ‘বিশিষ্টভাৱে উপযুক্ত’ হ'ব। পূৰ্বতে আন দুখন আৱেদনৰ ওপৰত জাননী জাৰি কৰা হৈছিল।

উল্লেখযোগ্য যে, শীৰ্ষ আদালতে জমিয়ত উলামা ই-হিন্দ আৰু বিশ্ব ভদ্ৰ পূজাৰী পুৰোহিত মহাসংঘৰ আবেদনৰ ওপৰত জাননী জাৰি কৰিছিল। এই আবেদনত জমিয়ত উলামা ই-হিন্দে ১৯৯১ চনৰ আইন প্ৰৱৰ্তন কৰিবলৈ বিচাৰিছিল য’ত কোৱা হৈছিল যে, মুছলমান উপাসনাস্থলীবোৰক অৰ্থহীন বিতৰ্ক আৰু মোকৰ্দমাৰ বিষয় বস্তু কৰি তোলা হৈছে, যিবোৰ ১৯৯১ চনৰ আইনৰ অধীনত পেটেন্টভাৱে নিষিদ্ধ কৰা হৈছিল।

বিশ্ব ভদ্ৰ পূজাৰী পুৰোহিত মহাসংঘৰ দ্বাৰা দ্বিতীয়খন আবেদন ২০২০ চনৰ জুন মাহত দাখিল কৰা হৈছিল যি আইনখনক এই ভিত্তিত প্ৰত্যাহ্বান জনাইছিল যে ই মুছলমান শাসকসকলৰ দ্বাৰা ধ্বংস কৰা মন্দিৰৰ ভূমি পুনৰুদ্ধাৰ কৰিবলৈ নাগৰিকসকলক মোকৰ্দমা দাখিল কৰাত বাধা দি ন্যায়িক পুনৰীক্ষণ অস্বীকাৰ কৰে।

আগতে, দুখন আবেদনৰ ওপৰত জাননী জাৰি কৰা হৈছিল।

ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) নেতা তথা অধিবক্তা অশ্বিনী কুমাৰ উপাধ্যায়ে অভিযোগ কৰে যে ১৯৯১ চনৰ আইনখনে সংবিধানৰ অনুচ্ছেদ ২৫ (ধৰ্ম পালন আৰু প্ৰচাৰৰ অধিকাৰ) আৰু অনুচ্ছেদ ২৬ (ধৰ্মীয় বিষয়সমূহ পৰিচালনাকৰাৰ অধিকাৰ) উলংঘা কৰে। লগতে ধৰ্মীয় সম্প্ৰদায়সমূহক তেওঁলোকৰ উপাসনাস্থলী পুনৰুদ্ধাৰ ৰখাৰ বাবে আদালতৰ কাষ চাপিবলৈ বাধা দি বৈষম্যমূলক বুলি অভিযোগ কৰিছে। তেওঁ আনকি এনে আইন প্ৰণয়ন কৰাৰ কেন্দ্ৰৰ ক্ষমতাৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছিল।

উপাধ্যায়ৰ আবেদনৰ ওপৰত শীৰ্ষ আদালতে বিগত বৰ্ষৰ ১২ মাৰ্চত কেন্দ্ৰক জাননী জাৰি কৰিছিল আৰু বিষয়টো পাঁচ জনীয়া সাংবিধানিক বিচাৰপীঠৰ শুনানিৰ দাবী জনাইছিল।

মথুৰা আৰু লক্ষ্ণৌৰ বিচাৰ আদালতসমূহে মথুৰাৰ শ্বাহি ইদগাহ মছজিদ আৰু বাৰাণসীৰ জ্ঞানবাপী মছজিদত উপাসনাৰ বাবে হিন্দুসকলৰ দ্বাৰা মোকৰ্দমা ৰখাৰ কথা বিবেচনা কৰি থকাৰ কথা তেওঁ শুকুৰবাৰে আদালতক জনায়। মথুৰাত ভগৱান কৃষ্ণৰ জন্ম হৈছিল বুলি কিছুমান ভক্তই বিশ্বাস কৰে আৰু সেই ঠাইতে থকা ইদগাহ শ্ৰীকৃষ্ণ জন্মভূমি স্থানৰ কাষত থকা বুলি উপাধ্যায়ে কয়। জ্ঞানবাপী গোচৰৰ আবেদনকাৰীসকলে দাবী কৰিছে যে মছজিদটো কাশী বিশ্বনাথ মন্দিৰৰ অংশ।

আবেদনকাৰীৰ দাবীৰ প্ৰতি ন্যায়াধীশ এছ ৰবীন্দ্ৰ ভাট আৰু পি এছ নৰসিংহকো লৈ গঠিত বিচাৰপীঠে কয় যে তেওঁলোকে আন আদালতসমূহক বাধা দিব নোৱাৰে।

মথুৰা আৰু লক্ষ্ণৌত উপস্থিত হৈ অধিবক্তা বিষ্ণু শংকৰ জৈনে কয় যে সোমবাৰে বাৰাণসী গোচৰৰ ৰায় প্ৰদান কৰা হ'ব।

বিষয়টোৰ আন এজন আবেদনকাৰী প্ৰাক্তন সাংসদ সুব্ৰমনিয়াম স্বামীয়ে আদালতক কৈছিল যে তেওঁৰ আবেদনত ১৯৯১ চনৰ আইনখন এনেদৰে পঢ়াটো বিচাৰিছে যাতে ৰাম জন্মভূমি-বাবৰি মছজিদৰ ভূমিক প্ৰদান কৰা ৰেহাইৰ দৰে কাশী বিশ্বনাথ আৰু মথুৰা মন্দিৰসমূহত উপলব্ধ কৰা হয়।

ইফালে, জমিয়াতৰ অধিবক্তা এজাজ মকবুল আৰু অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' ব'ৰ্ডৰ এম আৰ শ্বামশাদৰ নেতৃত্বত মুছলমান পক্ষই  উপৰোক্ত আবেদনসমূহত হস্তক্ষেপ কৰিবলৈ তেওঁলোকৰ আবেদনৰ বিষয়ে শীৰ্ষ আদালতক জনায়।

মকবুলে তেওঁৰ আবেদনত অযোধ্যা শীৰ্ষক গোচৰৰ ৰায়ৰ অংশসমূহৰ কথা উল্লেখ কৰিছিল যিটো ২০১৯ চনৰ নৱেম্বৰত পাঁচ জনীয়া বিচাৰপীঠে প্ৰদান কৰিছিল। ‘উপাসনাস্থল আইনে ভাৰতীয় সংবিধানৰ অধীনত ধৰ্মনিৰপেক্ষতাৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতি বলবৎ কৰাৰ ক্ষেত্ৰত এক অৰোগ্য বাধ্যবাধকতা আৰোপ কৰিছে। সেয়েহে, আইনখন হৈছে ভাৰতীয় ৰাজনীতিৰ ধৰ্মনিৰপেক্ষ বৈশিষ্ট্যবোৰ সুৰক্ষিত কৰাৰ বাবে প্ৰস্তুত কৰা এক আইনী সঁজুলি যিটো সংবিধানৰ অন্যতম মৌলিক বৈশিষ্ট’ ২০১৯ৰ ৰায়ত কোৱা হৈছিল। লগতে ‘উপাসনাস্থান আইন এনে এক আইনী হস্তক্ষেপ যি আমাৰ ধৰ্মনিৰপেক্ষ মূল্যবোধৰ এক অপৰিহাৰ্য বৈশিষ্ট্য হিচাপে অ-পশ্চাদপসৰণক সংৰক্ষণ কৰে।’

ন্যায়াধীশে এটা ৰায় লিখাৰ সময়ত প্ৰকাশ কৰা এক মতামত অনুসৰি, উপাধ্যায়ৰ হৈ হাজিৰ হোৱা জ্যেষ্ঠ অধিবক্তা ৰাকেশ দ্বিবেদীয়ে কয় যে অযোধ্যাৰ ৰায়ত উল্লেখ কৰা মন্তব্যবোৰ বাধ্যতামূলক হ'ব নোৱাৰে কিয়নো ই ‘অবিটাৰ ডিক্টা’।

দ্বিবেদীয়ে অৱশ্যে বৰ্তমানৰ কাৰ্যক্ৰমত হস্তক্ষেপ কৰিবলৈ জমিয়ত আৰু এআইএমপিএলবি আবেদনত আপত্তি কৰা নাছিল।

‘বিতৰ্কৰ প্ৰকৃতি আৰু জড়িত আইনৰ প্ৰশ্নবোৰ বিবেচনা কৰি, আমি আবেদনকাৰীসকলক হস্তক্ষেপ কৰাৰ স্বাধীনতা প্ৰদান কৰোঁ,’ বিচাৰপীঠে কয়।

কাশী ৰাজপৰিয়ালৰ কুমাৰী কৃষ্ণ প্ৰিয়াৰ দ্বাৰা ১৯৯১ চনৰ আইনখন বৈষম্যমূলক বুলি দাবী কৰি এক আবেদনো দাখিল কৰে কিয়নো এই  আইনে ৰাম জন্মভূমিক ৰেহাই দিয়ে কিন্তু কাশী বিশ্বনাথ মন্দিৰক নহয়।

আদালতে সকলো পিটিছন আৰু আবেদনৰ ওপৰত জাননী জাৰি কৰিছিল আৰু সকলো পক্ষক তেওঁলোকৰ পিটিছন/আবেদনৰ প্ৰতিলিপি ভাগ বতৰা কৰিবলৈ নিৰ্দেশ দিছিল। ই ৰেজিষ্ট্ৰীক এই বিষয়বোৰ ১১ অক্টোবৰত উপযুক্ত তিনিজনীয়া বিচাৰপীঠৰ সন্মুখত ৰাখিবলৈ কৈছিল।
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি