ন্যায়াধীশ আৰ ভানুমতি নেতৃত্বাধীন বিচাৰপীঠে চিদাম্বৰমৰ আবেদনৰ ওপৰত গ্ৰহণ কৰিব শুনানি।
ন্যায়াধীশ আৰ ভানুমতি নেতৃত্বাধীন বিচাৰপীঠে চিদাম্বৰমৰ আবেদনৰ ওপৰত গ্ৰহণ কৰিব শুনানি।
দিল্লী উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰাক্তন বিত্ত মন্ত্ৰী পি চিদাম্বৰমে দাখিল কৰা আবেদনক লৈ আজি শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে। দিল্লী উচ্চ ন্যায়ালয়ে INX মিডিয়া কেলেংকাৰী আৰু দুৰ্নীতিৰ গোচৰত চিদাম্বৰমৰ আগতীয়া জামিনৰ আবেদন খাৰিজ কৰিছিল। তাৰ পিছতে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকী।
আজি ন্যায়াধীশ আৰ ভানুমতি নেতৃত্বাধীন বিচাৰপীঠে চিদাম্বৰমৰ আবেদনৰ ওপৰত গ্ৰহণ কৰিব শুনানি। INX মিডিয়া কেলেংকাৰীক লৈ তেওঁৰ বিৰুদ্ধে জাৰি কৰা গ্ৰেপ্তাৰী পৰোৱানা তথা সোমবাৰলৈ চিবিআইৰ জিম্মালৈ প্ৰেৰণৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল চিদাম্বৰমে। শুকুৰবাৰে সৰ্বোচ্চ ন্যায়ালয়ে ED–এ ৰুজু কৰা গোচৰত চিদাম্বৰমক সোমবাৰলৈ গ্ৰেপ্তাৰী পৰোৱানাৰ পৰা ৰেহাই দিছিল।
সংবিধানৰ অনুচ্ছেদ–২১ৰ মতে তেওঁৰ মৌলিক অধিকাৰ খৰ্ব কৰাৰ অভিযোগ আনিছিল পি চিদাম্বৰমে। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই কৰা আবেদনৰ ওপৰত উচ্চতম ন্যায়ালয়ে ২০ আৰু ২১ আগষ্টত শুনানি গ্ৰহণ কৰা নাছিল আৰু ২১ আগষ্টত গ্ৰেপ্তাৰ হৈছিল প্ৰাক্তন মন্ত্ৰীগৰাকী।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|