আজি তিনিটাকৈ গুৰুত্বপূৰ্ণ গোচৰৰ ৰায় দিব উচ্চতম ন্যায়ালয়ে। সবৰীমালা আৰু ৰাফেল বিতৰ্কৰ ওপৰত দাখিল হোৱা পুনৰীক্ষণ আবেদনক লৈ ৰায় দিব উচ্চতম ন্যায়ালয়ে। অযোধ্যা বিবাদৰ ঐতিহাসিক ৰায়দানৰ পিছত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বাধীন বিচাৰপীঠে প্ৰদান কৰিব এই দুই গুৰুত্বপূৰ্ণ গোচৰৰ ৰায়। ইফালে, কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ৰাহুল গান্ধীৰ বিৰুদ্ধে দাখিল হোৱা আবেদনৰ ওপৰতো শুনানি প্ৰদান কৰিব পাৰে উচ্চতম ন্যায়ালয়ে।
কেৰালাৰ সবৰীমালা মন্দিৰত মহিলাৰ প্ৰৱেশৰ অনুমতিক প্ৰত্যাহ্বান জনোৱা পুনৰীক্ষণ আবেদনৰৰ ওপৰত সৰ্বোচ্চ ন্যায়ালয়ে ৰায় দিব আজি। আচলতে সবৰীমালা মন্দিৰত মহিলাৰ প্ৰৱেশৰ অনুমতি নাছিল। কিন্তু একাংশ মহিলা সংগঠনে উচ্চতম ন্যায়ালয়ত এই বিষয়টো উত্থাপন কৰিছিল। উচ্চতম ন্যায়ালয়ে মহিলাৰ পক্ষত ৰায় প্ৰদান কৰিছিল আৰু মহিলাক মন্দিৰত প্ৰৱেশৰ অনুমতি প্ৰদান কৰিছিল।
এই ৰায়ৰ পুনৰীক্ষণ বিচাৰি উচ্চতম ন্যায়ালয়ৰ ৬৫খন আৱেদন দাখিল কৰা হৈছিল। তাৰে ৫৬খন পুনৰীক্ষণৰ আৱেদন আৰু ৪খন নতুন লেখ আৱেদন। তদুপৰি ৫খন ট্ৰেন্সফাৰৰ আৱেদন। আজি এই আবেদনৰ চূড়ান্ত ৰায় দিব উচ্চতম ন্যায়ালয়ৰ ৫ জনীয়া সংবিধানপীঠে। এই ৰায়ৰ প্ৰতি লক্ষ্য ৰাখি সবৰিমালাত ব্যাপক নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। সবৰিমালা মন্দিৰ চৌহদৰ চৌদিশে ২৫০০ আৰক্ষী নিয়োগ কৰা হৈছে।
সৰবিমালা মন্দিৰ বিতৰ্কৰ লগতে ৰাফেল বিতৰ্কক লৈ আজি ৰায় দিব উচ্চতম ন্যায়ালয়ে। ৰাফেল বিতৰ্কক লৈ দুটা গোচৰৰ ৰায় দিব উচ্চতম ন্যায়ালয়ে। ফ্ৰান্সৰ পৰা ৰাফেল যুদ্ধবিমান ক্ৰয়ক লৈ দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত তৰা গোচৰৰ ৰায় দি মোদী চৰকাৰক ক্লীনশ্বীট প্ৰদান কৰিছিল উচ্চতম ন্যায়ালয়ে। ২০১৮ চনৰ ১৪ ডিচেম্বৰত প্ৰদান কৰা এই ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত পুনৰীক্ষণ আৱেদন দাখিল কৰিছিল অধিবক্তা প্ৰশান্ত ভূষণ আৰু বাজপেয়ী চৰকাৰৰ সময়ৰ কেন্দ্ৰীয় মন্ত্ৰীদ্বয় যশৱন্ত সিনহা আৰু অৰুণ শ্বোৰীয়ে।
ইয়াৰ লগতে উচ্চতম ন্যায়ালয়ে ৰায় দিব ৰাহুল গান্ধীৰ বিৰুদ্ধে তৰা আদালত অৱমাননাৰ গোচৰ। বিজেপিৰ সাংসদ মীনাক্ষি লেখীয়ে ৰাহুল গান্ধীৰ বিৰুদ্ধে তৰিছিল আদালত আৱমাননাৰ গোচৰ। লোকসভা নিৰ্বাচনৰ সময়ত ৰাফেল যুদ্ধবিমান ক্ৰয়ক লৈ ৰাহুল গান্ধীয়ে নৰেন্দ্ৰ মোদীক চোৰ আখ্যা দি প্ৰচাৰ চলাইছিল। উচ্চতম ন্যায়ালয়ে ক্লীনশ্বীট দিয়াৰ পিছতো ৰাহুল গান্ধীয়ে মোদীৰ বিৰুদ্ধে এই প্ৰচাৰ অব্যাহত ৰখাত বিজেপি সাংসদগৰাকীয়ে উচ্চতম ন্যায়ালয়ত আদালত অৱমাননাৰ গোচৰ তৰিছিল।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|