
১৮ অক্টোবৰত INX মিডিয়া গোচৰত CBI–এ জ্যেষ্ঠ কংগ্ৰেছ নেতা পি চিদাম্বৰম, তেওঁৰ পুত্ৰ কাৰ্তি চিদাম্বৰম আৰু তেওঁৰ দুটা কোম্পানীসহ ১৫জনৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল কৰিছিল।
১৮ অক্টোবৰত INX মিডিয়া গোচৰত CBI–এ জ্যেষ্ঠ কংগ্ৰেছ নেতা পি চিদাম্বৰম, তেওঁৰ পুত্ৰ কাৰ্তি চিদাম্বৰম আৰু তেওঁৰ দুটা কোম্পানীসহ ১৫জনৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল কৰিছিল।
INX মিডিয়া কেলেংকাৰীৰ গোচৰত অভিযুক্ত প্ৰাক্তন বিত্ত মন্ত্ৰী পি চিদাম্বৰমৰ জামিন আৱেদনৰ ওপৰত আজি উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। বৰ্তমান কাৰাগাৰৰ আলহী পি চিদাম্বৰম। অৱশ্যে ন্যায়ালয়ে আজি জামিনৰ আবেদন মঞ্জুৰ কৰিলেও মুকলি আকাশৰ আহিব নোৱাৰে চিদাম্বৰম। কিয়নো ইতিমধ্যে জে’লৰ ভিতৰত ED–এ গ্ৰেপ্তাৰ কৰিছে প্ৰাক্তন বিত্ত মন্ত্ৰীগৰাকীক। সেয়েহে জামিন পালেও কাৰাগাৰৰ বাহিৰলৈ অহাটো চিদাম্বৰমৰ বাবে অসম্ভৱ হ’ব পাৰে।
ইয়াৰ পূৰ্বে ১৮ অক্টোবৰত INX মিডিয়া গোচৰত CBI–এ জ্যেষ্ঠ কংগ্ৰেছ নেতা পি চিদাম্বৰম, তেওঁৰ পুত্ৰ কাৰ্তি চিদাম্বৰম আৰু তেওঁৰ দুটা কোম্পানীসহ ১৫জনৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল কৰিছিল। ভ্ৰষ্টাচাৰৰ গোচৰৰ তদন্ত চলি থকা বাবে চিদাম্বৰমৰ জামিন মঞ্জুৰ নকৰিবলৈ আহ্বান জনাইছিল চিবিআয়ে।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক। Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|