দীঘলীয়া প্ৰতীক্ষাৰ অন্ত পেলাই আজি উচ্চতম ন্যায়ালয়ে দিব আজি অযোধ্যা বিবাদৰ ৰায়। ইয়াৰ লগে লগে দেশৰ অন্যতম প্ৰাচীন বিবাদৰ অন্ত পৰিব আজি। এই ঐতিহাসিক ৰায়ৰ বাবে উৎকণ্ঠিত দেশবাসী। পুৱা ১০.৩০ বজাত উচ্চতম ন্যায়ালয়ে দিব ৰায়। ৰায়দানৰ পূৰ্বে সমগ্ৰ উত্তৰ প্ৰদেশত গঢ়ি তোলা হৈছে পানী নসৰকা নিৰাপত্তা। শান্তি-সম্প্ৰীতি বৰ্তাই ৰাখিবলৈ আহ্বান জনাইছে চৰকাৰে। উচ্চতম ন্যায়ালয়ৰ ৫জনীয়া সংবিধান পীঠে দিব অযোধ্যা বিবাদৰ ৰায়। আদালতৰ ৰায়ক সন্মান জনোৱাৰ প্ৰতিশ্ৰুতি দিছে সকলো পক্ষই।
ৰায়দানৰ পূৰ্বে CJI ৰঞ্জন গগৈৰ বাসগৃহত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী।৯.৩০ বজাত ঘৰৰ পৰা আদালতলৈ ৰাওনা হ’ব CJI, উল্লেখযোগ্য যে, ধাৰাবাহিক ৪০ দিন শুনানি লৈ চূড়ান্ত ৰায় দিবলৈ সাজু হৈছে SC। নিৰাপত্তাৰ কাৰণে উত্তৰ প্ৰদেশত অতিৰিক্ত ৪হাজাৰ নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে, সাজু কৰা হৈছে ২০খন অস্থায়ী কাৰাগাৰ
৭৮টা স্থানত নিৰাপত্তাৰক্ষীৰ টহল, জৰুৰীকালীন অৱস্থাৰ বাবে সাজু দুখন হেলিকপ্টাৰ
লক্ষ্ণৌত স্থাপন কৰা হৈছে কন্ট্র’ল ৰূম। লক্ষ্ণৌৰ ৰাজপথত আৰক্ষীৰ ফ্লেগ মাৰ্চ। গোৱাত জাৰি কৰা হৈছে ১৪৪ ধাৰা। প্ৰতিখন ৰাজ্যলৈ এলাৰ্ট জাৰি কৰিছে গৃহ মন্ত্ৰালয়ে। শান্তি–শৃংখলা বজাই ৰখাৰ আহ্বান জমিয়ত উলেমাৰ। উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশৰ প্ৰতিখন শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰা হৈছে। দিল্লীতো বন্ধ ঘোষণা কৰা হৈছে প্ৰতিখন শিক্ষানুষ্ঠান।
আনহাতে অযোধ্যা বিবাদৰ ৰায়ৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টুইট,
![]()
‘উচ্চতম ন্যায়ালয়ৰ ৰায় জয়–পৰাজয়ৰ ৰায় নহয়’
সকলো পক্ষক সদ্ভাৱনা অটুট ৰখাৰ আহ্বান প্ৰধানমন্ত্ৰীৰ।
এই ৰায়ে দেশৰ শান্তি সম্প্ৰীতি একতা অধিক শক্তিশালী কৰাৰ আশা প্ৰকাশ প্ৰধানমন্ত্ৰীৰ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|