
শুনানি গ্ৰহণ কৰি ন্যায়ধীশ অশোক ভূষণৰে গঠিত তিনিজনীয়া বিচাৰপীঠে ৰাজ্য চৰকাৰসমূহক সুৰাৰ Home Deliveryৰ ব্যৱস্থা আৰম্ভ কৰাৰ পৰামৰ্শ প্ৰদান কৰে।
শুনানি গ্ৰহণ কৰি ন্যায়ধীশ অশোক ভূষণৰে গঠিত তিনিজনীয়া বিচাৰপীঠে ৰাজ্য চৰকাৰসমূহক সুৰাৰ Home Deliveryৰ ব্যৱস্থা আৰম্ভ কৰাৰ পৰামৰ্শ প্ৰদান কৰে।
দেশত সুৰাৰ খুচুৰা বিক্ৰী আৰম্ভ হোৱাৰ পিছত বিপণীসমূহত দেখা গ’ল অস্বাভাৱিক ভিৰ। সুৰাপায়ীসকলে ৪০ দিনৰ বিৰতিৰ অন্তত সুৰা ক্ৰয় কৰিবলৈ অৱমাননা কৰিলে বাধ্যতামূলক সামাজিক দূৰত্বৰ বিধি। এনে পৰিঘটনাই সাধাৰণ ৰাইজক চৰম বিপদত পেলোৱাৰ কথা উল্লেখ কৰি দাখিল হোৱা এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ আজি উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰে শুনানি।
শুনানি গ্ৰহণ কৰি ন্যায়ধীশ অশোক ভূষণৰে গঠিত তিনিজনীয়া বিচাৰপীঠে ৰাজ্য চৰকাৰসমূহক সুৰাৰ Home Deliveryৰ ব্যৱস্থা আৰম্ভ কৰাৰ পৰামৰ্শ প্ৰদান কৰে। ন্যায়ধীশ ভূষণে কয় – ৰাজ্য চৰকাৰসমূহে সামাজিক দূৰত্ব বর্তাই ৰাখিবলৈ সুৰাৰ Home Delivery তথা পৰোক্ষ বিক্ৰীৰ দিশত পদক্ষেপ গ্ৰহণ কৰাৰ দিশত চিন্তা–চৰ্চা কৰক।
অৱশ্যে উচ্চতম ন্যায়ালয়ে এই দিশত ৰাজ্য চৰকাৰসমূহক কোনো নির্দেশ প্ৰদান নকৰি আবেদনখন খাৰিজ কৰে। ইতিমধ্যে কেইবাখনো ৰাজ্যৰ চৰকাৰে সুৰাৰ Home Delivery আৰম্ভ কৰাৰ চিন্তা–চৰ্চা কৰিছে আৰু একাধিক ৰাজ্য চৰকাৰে এই দিশত পদক্ষেপো গ্ৰহণ কৰিছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|