ৰাম জন্মভূমি আৰু বাবৰি মছজিদ ভূমি বিবাদক লৈ শীঘ্ৰে সম্পূৰ্ণ হ’ব পাৰে শুনানি। হিন্দু পক্ষৰ শুনানিৰ এতিয়া মুছলমান পক্ষৰ দাবী–আপত্তি সম্পূৰ্ণ হোৱাৰ দিশে। ১৮ অক্টোবৰলৈ অযোধ্যা বিবাদ গোচৰৰ শুনানি সম্পূৰ্ণ হ’ব পাৰে আৰু শীঘ্ৰে এই বিষয়ত ন্যায়ালয়ে ল’ব পাৰে ডাঙৰ সিদ্ধান্ত। এই ইংগিত দিছে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে।
মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে কয় যে শুনানি সম্পূৰ্ণ কৰাৰ বাবে সকলো পক্ষৰ চেষ্টা লাগিব। প্ৰয়োজনত আমি শনিবাৰেও শুনানিৰ বাবে প্ৰস্তুত আছো। ইয়াৰ পিছত আমি সিদ্ধান্ত লোৱাৰ বাবে চাৰি সপ্তাহৰ সময় পাম।
উল্লেখযোগ্য যে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে চলিত বছৰৰ ১৭ নৱেম্বৰত অৱসৰ গ্ৰহণ কৰিব। সেয়ে তাৰ পূৰ্বে দশক দশকজোৰা পুৰণি এই গোচৰৰ ৰায় দিব পাৰে ন্যায়ালয়ে।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|