• Home
  • »
  • News
  • »
  • nation
  • »
  • তিনিমাহ প্ৰতিমাহে এবাৰ তালাক বুলি কৈ স্বামীয়ে বিবাহ বিচ্ছেদ কৰাৰ নিয়ম সঠিক : উচ্চতম ন্যায়ালয় 

তিনিমাহ প্ৰতিমাহে এবাৰ তালাক বুলি কৈ স্বামীয়ে বিবাহ বিচ্ছেদ কৰাৰ নিয়ম সঠিক : উচ্চতম ন্যায়ালয় 

উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ে চায়েৰা বানু গোচৰত তিন-তালাক বা তালাক-ই-বিদাত নিষিদ্ধ কৰিছিল। কিন্তু তালাক-ই-এহচান সন্দৰ্ভত কোনোধৰণৰ নিৰ্দেশ দিয়া নাছিল।

  • Share this:
উচ্চতম ন্যায়ালয়ে মঙলবাৰে এক শুনানি গ্ৰহণ কৰি মুছলমান সমাজত প্ৰচলিত Muslim Personal Law তালাক-ই-এহচান সঠিক নহয় বুলি মানি ল’বলৈ অস্বীকাৰ কৰে। মুছলমান ধৰ্মাৱলম্বী লোকৰ এই সামাজিক প্ৰথাত পুৰুষে স্ত্ৰীক তিনিমাহ প্ৰতিমাহে এবাৰ তালাক শব্দটো উচ্চাৰণ কৰি বিবাহ বিচ্ছেদ কৰিব পাৰে। বেনাজীৰ হীনা নামৰ এগৰাকী সাংবাদিকে উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল কৰি এনে নিয়মৰ ওপৰত প্ৰতিবন্ধকতা লগোৱাৰ পোষকতা কৰিছিল। আৱেদনকাৰীক মঙলবাৰৰ শুনানিত প্ৰতিনিধিত্ব কৰে জ্যেষ্ঠ অধিবক্তা পিংকি আনন্দে।

ন্যায়াধীশ সঞ্জয় কিষণ কৌলৰ নেতৃত্বত গঠন হোৱা বিচাৰপীঠখনত যুক্তি প্রদর্শন কৰি জ্যেষ্ঠ অধিবক্তা গৰাকীয়ে কয় – তালাক-ই-এহচান এক প্ৰকাৰৰ একপক্ষীয় ন্যায়বহিৰ্ভূত ব্যৱস্থা যাক সতী প্ৰথাৰে তুলনা কৰিব পাৰি। এনে প্ৰথা ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ১৪, ১৫, ২১, ২৫ৰ পৰিপন্থী বুলিও ক’ব বিচাৰে অধিবক্তাগৰাকীয়ে আৰু বিবাহ বিচ্ছেদৰ ক্ষেত্ৰত এক লিংগ, ধৰ্ম, জাতি নিৰপেক্ষ একমানবিশিষ্ট উমৈহতীয়া আইনৰ পোষকতা কৰে। এনে অইন আধুনিক মানৱীয় প্ৰমূল্যবোধ বা আন্তঃৰাষ্ট্ৰীয় নীতি নিয়মৰ পৰিপন্থী বুলিও মন্তব্য কৰে গোচৰীয়া পক্ষৰ অধিবক্তা গৰাকীয়ে।

অৱশ্যে ন্যায়াধীশ কৌল অধিবক্তাৰ যুক্তিত পতিয়ন নগ’ল আৰু মুছলমান সমাজত প্ৰচলিত এই প্ৰথা সঠিক নহয় বুলি ক’বলৈ অস্বীকাৰ কৰে। ন্যায়াধীশ গৰাকীয়ে কয় - প্ৰাথমিক দৃষ্টিত তালাক-ই-হাচান সঠিক নহয় বুলি ক’ব নোৱাৰি। কাৰণ পত্নীয়ে খোলা প্ৰক্ৰিয়াৰে মেহেৰৰ পৰিমাণ ঘূৰাই দি বিবাহ বিচ্ছেদ কৰিব পাৰে। অথবা স্বামী-স্ত্ৰীৰ সহমতত একো ঘূৰাই নিদি নতুবা কাদৰীৰ আদেশ অনুসৰি বিবাহ বিচ্ছেদ কৰিব পাৰে। তেনেস্থলত এই প্ৰথা লিংগ-বৈষম্যমূলক বুলি ক’বলৈ অস্বীকাৰ কৰে ন্যায়াধীশগৰাকীয়ে। তেওঁ বৰঞ্চ কয় – “মই এই বিষয়টো কাৰোবাৰ স্বাৰ্থ সিদ্ধিৰ উদ্দেশ্য হ’বলৈ নিদিওঁ।’’

উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ে চায়েৰা বানু গোচৰত তিন-তালাক বা তালাক-ই-বিদাত নিষিদ্ধ কৰিছিল। কিন্তু তালাক-ই-এহচান সন্দৰ্ভত কোনোধৰণৰ নিৰ্দেশ দিয়া নাছিল।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি