শহুৰেকৰ ঘৰত মহিলাই সন্মুখীন হোৱা যিকোনো আঘাতৰ বাবে দায়ী হ'ব স্বামী : সৰ্বোচ্চ ন্যায়ালয়

News18 Assam | News18-Assam
Updated:March 22, 2021, 3:43 PM IST
শহুৰেকৰ ঘৰত মহিলাই সন্মুখীন হোৱা যিকোনো আঘাতৰ বাবে দায়ী হ'ব স্বামী : সৰ্বোচ্চ ন্যায়ালয়
ইয়াৰ পূৰ্বে পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়েও মহিলাগৰাকী স্বামীৰ অগ্ৰিম জামিন আবেদন নাকচ কৰিছিল।

ইয়াৰ পূৰ্বে পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়েও মহিলাগৰাকী স্বামীৰ অগ্ৰিম জামিন আবেদন নাকচ কৰিছিল।

  • Share this:
পত্নীক মাৰপিট কৰাৰ অভিযোগত অভিযুক্ত এজন ব্যক্তিৰ আগতীয়া জামিন আবেদন নাকচ কৰে সৰ্বোচ্চ ন্যায়ালয়ে। সোমবাৰে উচ্চতম ন্যায়ালয়ে ব্যক্তিজনৰ জামিন আবেদন খাৰিজ কৰি কয় যে পত্নীয়ে সন্মুখীন হোৱা যিকোনো আঘাতৰ বাবে দায়ী হ'ব তেওঁৰ স্বামী। মুখ্য ন্যায়াধীশ এছ এ ববদেৰ নেতৃত্বত এক বিচাৰপীঠে কয় যে শহুৰৰ ঘৰত এগৰাকী মহিলাৰ ওপৰত আন কোনো আত্মীয়ৰ দ্বাৰা আক্ৰমণ কৰা হ'লেও কিন্তু তেনে ঘটনাৰ বাবে প্ৰাথমিক পৰ্যায়ত দায়ী হ'ব মহিলাগৰাকীৰ স্বামী।

উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰা এই ঘটনাটোত পুৰুষজনৰ আছিল এয়া তৃতীয় বিবাহ আৰু আনহাতে মহিলাগৰাকীৰ আছিল এয়া দ্বিতীয় বিবাহ। বিয়াৰ এবছৰৰ পিছতে ২০১৮ চনত তেওঁলোকৰ এটি সন্তানো জন্ম হৈছিল। কিন্তু বিগত বছৰৰ জুনত মহিলাগৰাকীয়ে তেওঁৰ স্বামী আৰু শাহুৱেকৰ বিৰুদ্ধে তেওঁক মাৰপিট কৰাৰ অভিযোগ দাখিল কৰিছিল। মহিলাগৰাকীয়ে অভিযোগ কৰিছিল যে তেওঁৰ শহুৰেকৰ পৰিয়ালে আৰু অধিক যৌতুক দাবী কৰিবলৈ আৰম্ভ কৰিছে।

এই অভিযোগৰ পিছতে উচ্চ ন্যায়ালয়ৰ পৰা গৈ সৰ্বোচ্চ ন্যায়ালয়ত জামিন আবেদন দাখিল কৰে মহিলাগৰাকীৰ স্বামীয়ে। মহিলাগৰাকীৰ স্বামীৰ অধিবক্তা কুশুৰ মহাজনে উচ্চতম ন্যায়ালয়ত মুখ্য ন্যায়াধীশ ববদেৰ বিচাৰপীঠৰ সন্মুখত আগতীয়া জামিন সম্পৰ্কত অটল আছিল। সেই সময়তে মুখ্য ন্যায়াধীশ ববদেৰ নেতৃত্বাধীন বিচাৰপীঠে অভিযুক্ত ব্যক্তিজনক কৈছিল, "আপুনি কেনে ধৰণৰ মানুহ? লগতে কৈছিল "মহিলাগৰাকীয়ে অভিযোগ কৰিছিল যে আপুনি তেওঁক ডিঙি চেপি হত্যা কৰিব, তেওঁ অভিযোগ কৰিছিল যে আপুনি তেওঁক গৰ্ভপাত কৰাবলৈ বাধ্য কৰিছিল। তেনেস্থলত আপুনি কি ধৰণৰ মানুহ, যিয়ে নিজৰ পত্নীক মাৰপিট কৰিবলৈ ক্ৰিকেট বেট ব্যৱহাৰ কৰে?"

এই সম্পৰ্কত অভিযুক্তৰ অধিবক্তা মহাজনে কয় যে মহিলাগৰাকীয়ে স্বামীৰ দেউতাকৰ ওপৰত বেট ব্যৱহাৰৰ অভিযোগ কৰিছিল। তাৰ পিছতে মুখ্য ন্যায়াধীশে কয়, " স্বামী অথবা স্বামীৰ পিতৃ কোনে আক্ৰমণ কৰিবলৈ বেটৰ ব্যৱহাৰ কৰিছে সেয়া গুৰুত্বপূৰ্ণ নহয়।" যেতিয়া এগৰাকী মহিলা শহুৰৰ ঘৰত থাকে আৰু তাত তেওঁ কোনো আঘাতৰ সন্মুখীন হ'লে ইয়াৰ বাবে প্ৰাথমিক পৰ্যায়ত দায়ী হ'ব তেওঁৰ স্বামীৰ।" ইয়াৰ পিছতে বিচাৰপীঠে মহিলাগৰাকীৰ স্বামীৰ আগতীয়া আবেদন খাৰিজ কৰে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়েও মহিলাগৰাকী স্বামীৰ অগ্ৰিম জামিন আবেদন নাকচ কৰিছিল।
Published by: Sanjay Kumar Das
First published: March 9, 2021, 11:43 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি