ফাৰ্মাচিউটিকেল কোম্পানীবোৰে ঔষধ বিক্ৰী বৃদ্ধিৰ বাবে চিকিৎসকসকলক উপহাৰ দিয়াটো আইনগতভাৱে সম্পূৰ্ণ অপৰাধ বুলি আখ্যা দিয়ে উচ্চতম ন্যায়ালয়ে (Supreme Court)। একে সময়তে, শীৰ্ষ আদালতে চিকিৎসকসকলক উৎসাহিত কৰাৰ নামত আয়কৰ আইনৰ অধীনত কৰ কৰ্তন সম্বন্ধীয় এখন আবেদন খাৰিজ কৰে। য'ত চিকিৎসকসকলক দিয়া উপহাৰৰ সামগ্ৰীৰ ওপৰত কৰ কৰ্তন ৰেহাই (Deduction under Income Tax Act) বিচৰা হৈছিল। শীৰ্ষ ন্যায়ালয়ে চিকিৎসকসকলক দিয়া বিনামূলীয়া উপহাৰৰ সলনি ফাৰ্মাচিউটিকেল কোম্পানীসমূহৰ (pharmaceutical companies) দ্বাৰা প্ৰেছক্ৰিপশ্বনৰ হেৰফেৰক "অতি ৰাজহুৱা গুৰুত্বপূৰ্ণ আৰু উদ্বেগৰ বিষয়" বুলি অভিহিত কৰে।
উল্লেখ্য, ফাৰ্মাচিউটিকেল কোম্পানীবোৰে সোণৰ মুদ্ৰা, ফ্ৰিজ আৰু এলচিডি টিভিৰ দৰে উপহাৰৰ পৰা আন্তৰ্জাতিক ভ্ৰমণলৈকে সুবিধা আগবঢ়ায়। ইয়াৰ উপৰি বন্ধৰ দিন বা চিকিৎসা সন্মিলনত অংশগ্ৰহণ কৰাৰ বাবে উপহাৰ হিচাপে আন্তৰ্জাতিক ভ্ৰমণবোৰো অন্তৰ্ভুক্ত আছে (gifts to doctors)।
ন্যায়াধীশ ইউ ইউ ললিত আৰু এছ ৰবীন্দ্ৰ ভাটৰ বিচাৰপীঠে উচ্চ ন্যায়ালয়ৰ আদেশৰ বিৰুদ্ধে মেচাৰ্ছ এপেক্স লেবৰেটৰিজ প্ৰাইভেট লিমিটেডৰ আবেদন খাৰিজ কৰে।
কোম্পানীটোৱে দাবী কৰিছিল যে যদিও আইনৰ পৰিধিৰ অধীনত চিকিৎসা কৰ্মীসকলে এনে উপহাৰ গ্ৰহণ কৰাটো নিষিদ্ধ, কিন্তু আইনৰ অধীনত ই অপৰাধ নহয়, সেয়েহে কোম্পানীবোৰে এই উপহাৰবোৰত ব্যয় কৰা পৰিমাণৰ ওপৰত কৰ ৰেহাই পোৱাৰ অধিকাৰ আছে।
বিচাৰপীঠৰ হৈ ন্যায়াধীশ ভাটে লিখা ৰায়সমূহত প্ৰাসংগিক আইন আৰু নিয়মবোৰ ব্যাখ্যা কৰে। আদালতে কয় যে আইনৰ আওতাত ফাৰ্মাচিউটিকেল কোম্পানীবোৰে চিকিৎসকসকলক উপহাৰ দিয়াটো নিষিদ্ধ আৰু এনে পৰিস্থিতিত আয়কৰ আইনৰ ধাৰা ৩৭(ক)ৰ অধীনত কৰ ৰেহাই লাভ কৰিব নোৱাৰি। উচ্চতম ন্যায়ালয়ে কয় যে এনে কৰাৰ দ্বাৰা ই ৰাজহুৱা নীতিক সম্পূৰ্ণৰূপে প্ৰভাৱিত কৰিব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|