হিজাব বিতৰ্কক লৈ কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাইছে ছাত্ৰীকেইগৰাকীয়ে।
হিজাব বিতৰ্কক লৈ কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাইছে ছাত্ৰীকেইগৰাকীয়ে।
উচ্চতম ন্যায়ালয়ে হিজাব বিতৰ্ক সন্দৰ্ভত কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে দাখিল কৰা আবেদনৰ ওপৰত শীঘ্ৰে শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে। সৰ্বোচ্চ ন্যায়ালয়ে এই আবেদনৰ ওপৰত শীঘ্ৰে শুনানিৰ বাবে আবেদন জনোৱা অধিবক্তা দেৱদত্ত কামাথক কয়, এই গোচৰটো সংবেদনশীল নকৰিব।
উল্লেখযোগ্য যে হিজাব বিতৰ্কক লৈ কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাইছে ছাত্ৰীকেইগৰাকীয়ে। এই আবেদনৰ ওপৰত বৃহস্পতিবাৰে অধিবক্তা দেৱদত্ত কামাথে মুখ্য ন্যায়াধীশ এন ভি ৰমনক কয় যে এই গোচৰটো অতি প্ৰয়োজনীয়, ইয়াৰ ওপৰত শীঘ্ৰে শুনানি হোৱা উচিত, কিয়নো শিক্ষাৰ্থীসকলে পৰীক্ষা দিব নোৱাৰিব আৰু তেওঁলোকৰ এটা বছৰ নষ্ট হ’ব।
অধিবক্তা দেৱদত্ত কামাথক ন্যায়াধীশ এন ভি ৰমনে কয়, ইয়াৰ সৈতে পৰীক্ষাৰ কোনো সম্পৰ্ক নাই। গোচৰটো সংবেদনশীল নবনাব। কৰ্ণাটক উচ্চ ন্যায়ালয়ে আবেদন খাৰিজ কৰাৰ পিছতে কেইবাগৰাকীও মুছলমান ছাত্ৰীয়ে পৰীক্ষা দিবলৈ অস্বীকাৰ কৰিছিল।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|