উচ্চতম ন্যায়ালয়ে উত্তৰ প্ৰদেশৰ সীতাপুৰত তেওঁৰ বিৰুদ্ধে ৰুজু কৰা এটা গোচৰত অল্ট নিউজৰ সহ-প্ৰতিষ্ঠাপক মহম্মদ জুবেইৰক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছে। এলাহাবাদ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই জুবেইৰৰ আবেদনৰ ওপৰত উত্তৰ প্ৰদেশ আৰক্ষীক এখন জাননীও জাৰি কৰা হৈছে। সংবাদ সংস্থা এএনআইৰ এক প্ৰতিবেদন অনুসৰি, উচ্চতম ন্যায়ালয়ে জুবেইৰক ৫ দিনৰ বাবে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে এই চৰ্তত যে তেওঁ গোচৰটোৰ সৈতে সম্পৰ্কিত বিষয়টোত কোনো নতুন টুইট নকৰে আৰু সীতাপুৰ দণ্ডাধীশৰ আদালতৰ অধিকাৰ ক্ষেত্ৰ এৰি নিদিব। ন্যায়াধীশ ইন্দিৰা বেনাৰ্জী আৰু জে কে মহেশ্বৰীৰ খণ্ড বিচাৰপীঠে মহম্মদ জুবেইৰৰ অন্তৱৰ্তীকালীন জামিনৰ বাবে চৰ্তসাপেক্ষে অনুমোদন প্ৰদান কৰি কয় যে তেওঁ বাংগালুৰু বা আন কোনো ঠাইত বৈদ্যুতিক প্ৰমাণৰ সৈতে খেলিমেলি নকৰে।
উত্তৰ প্ৰদেশ আৰক্ষীৰ হৈ হাজিৰ হোৱা ছলিচিটৰ জেনেৰেল (এছজি) তুষাৰ মেহতাই উচ্চতম ন্যায়ালয়ক কৈছিল যে বিষয়টো কোনো এটা টুইটৰ বিষয়ে নহয়। এছ জি তুষাৰ মেহতাই কৈছিল যে দিল্লী উচ্চ ন্যায়ালয়েও জুবেইৰক অন্তৱৰ্তীকালীন সকাহ দিবলৈ অস্বীকাৰ কৰিছিল আৰু তেওঁক ৰিমাণ্ডত প্ৰেৰণ কৰিছিল। ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কৈছিল যে জুবেইৰৰ টুইটৰ পিছত আইন-শৃংখলাৰ পৰিস্থিতিৰ অৱনতি ঘটিছিল।
মহম্মদ জুবেইৰৰ হৈ হাজিৰ হোৱা জ্যেষ্ঠ অধিবক্তা কলিন গনচালভেছে উচ্চতম ন্যায়ালয়ক কৈছিল যে জুবেইৰৰ বিৰুদ্ধে কোনো অপৰাধমূলক গোচৰ ৰুজু কৰিব নোৱাৰি। এই গোচৰটোৰ ভেটি এটা টুইট। আমি এই প্ৰক্ৰিয়াটো বাতিল কৰাৰ দাবী জনাইছো আৰু আৰক্ষী বা ন্যায়িক জিম্মাৰ প্ৰশ্নবোৰ এতিয়া অপ্ৰাসংগিক। গনচালভেছে কৈছিল যে ঘৃণামূলক ভাষণৰ বাবে কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু জামিনত মুক্তিও দিয়া হৈছিল। জুবেইৰে কোনো ধৰ্মৰ বিৰুদ্ধে কথা কোৱা নাই।
Published by: Kokil Sarma
FIRST PUBLISHED : July 08, 2022, 19:17 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।