
Source-Google
মহাৰাষ্ট্ৰৰ চৰকাৰ গঠনক লৈ উচ্চতম ন্যায়ালয়ৰ ৰায়
মহাৰাষ্ট্ৰৰ চৰকাৰ গঠনক লৈ উচ্চতম ন্যায়ালয়ৰ ৰায়। কাইলৈ ৰাজ্যখনত অনুষ্ঠিত হ’ব আস্থা ভোট। আস্থা ভোটৰ পোনপটীয়া সম্প্ৰচাৰ কৰাৰো নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ।
বেলট পেপাৰত হ'ব লাগিব আস্থা ভোট। প্ৰটেম অধ্যক্ষৰ দ্বাৰা আস্থা ভোট গ্ৰহণৰ দিলে নিৰ্দেশ। বিধায়কৰ শপত গ্ৰহণৰ পিছতেই হ'ব লাগিব আস্থা ভোট। ৫ বজাৰ পূৰ্বে সম্পূৰ্ণ হ'ব লাগিব আস্থা ভোট।
উল্লেখযোগ্য যে, দেৱেন্দ্ৰ ফাড়নৱিছে শপত গ্ৰহণৰ পাছতে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল শিৱসেনা, এন চি পি আৰু কংগ্ৰেছে। সোমবাৰে মুম্বাইৰ হোটেলত শক্তি প্ৰদৰ্শন কৰে শিৱসেনা, এন চি পি আৰু কংগ্ৰেছৰ মহা বিকাশ অঘাড়ীয়ে। হোটেলত একলগ হয় শিৱসেনা, এন চি পি আৰু কংগ্ৰেছৰ ১৬২ জন বিধায়ক। উপস্থিত আছিল NCP প্ৰধান শাৰদ পাৱাৰ, শিৱসেনা প্ৰধান উদ্ধৱ থাকৰে আৰু কংগ্ৰেছৰ মল্লিকাৰ্জুন খাৰ্গে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|