ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে বিগত সপ্তাহত INX মিডিয়া কেলেংকাৰী সম্বন্ধীয় নথি–পত্ৰ বন্ধ খামত দাখিল কৰিবলৈ EDক নিৰ্দেশ দিছিল।
ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে বিগত সপ্তাহত INX মিডিয়া কেলেংকাৰী সম্বন্ধীয় নথি–পত্ৰ বন্ধ খামত দাখিল কৰিবলৈ EDক নিৰ্দেশ দিছিল।
INX মিডিয়া কেলেংকাৰীত অভিযুক্ত প্ৰাক্তন বিত্ত মন্ত্ৰী পি চিদাম্বৰমৰ জামিন আবেদনৰ আজি শুনানি। পুৱা ১০.৩০ বজাত হ’ব চিদাম্বৰমৰ জামিন আবেদনৰ শুনানি। ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে বিগত সপ্তাহত INX মিডিয়া কেলেংকাৰী সম্বন্ধীয় নথি–পত্ৰ বন্ধ খামত দাখিল কৰিবলৈ EDক নিৰ্দেশ দিছিল।
ইয়াৰ পূৰ্বে EDৰ ফালৰ পৰা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই ন্যায়ালয়ক জনাইছিল যে তদন্তৰ জৰিয়তে ED–এ ১২টা বেংক একাউণ্ট চিনাক্ত কৰিছে য’ত এই কেলেংকাৰীৰ ধন জমা কৰা হৈছিল আৰু বিদেশত ক্ৰয় কৰা ১২টা সম্পত্তিৰ বিৱৰণ আছে। উচ্চতম ন্যায়ালয়ে আজি চিদাম্বৰমৰ জামিন আবেদন খাৰিজ কৰা দিল্লী উচ্চ ন্যায়ালয়ৰ ১৫ নৱেম্বৰৰ সিদ্ধান্তৰ বিৰুদ্ধে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিব।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|