এতিয়াৰ পৰা পৃথক হ’ব ৰাজ্য ভেদে সংখ্যালঘু নিৰূপণ। ভাৰতৰ উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিছে যে – ধৰ্মীয় আৰু ভাষিক সংখ্যালঘুৰ নিৰূপণ ৰাজ্যৰ জনসংখ্যাৰ আধাৰত হ’ব। সৰ্বোচ্চ ন্যায়ালয়ে লগতে কয় – যদিহে খ্ৰীষ্টান সংখ্যাগৰিষ্ঠ ৰাজ্যত যেনে নাগালেণ্ড, মেঘালয় আদিত খ্ৰীষ্টানকে সংখ্যালঘু বুলি গণ্য কৰা হয় সেয়া ন্যায়ৰ উপহাস। মাৰাঠী লোক এজন মহাৰাষ্ট্ৰৰ বাহিৰৰ লোক হ’লেই তেওঁ সংখ্যালঘু বুলিও মন্তব্য কৰে উচ্চতম ন্যায়ালয়ে।
লগতে পঞ্জাবত শিখসকলক সংখ্যালঘু বুলি গণ্য কৰা কাৰ্যকো সমালোচনা কৰে সৰ্বোচ্চ ন্যায়ালয়ে। একাধিক ৰাজ্যত হিন্দুসকলক সংখ্যালঘুৰ মৰ্যাদা প্ৰদান কৰাৰ পোষকতা উচ্চতম ন্যায়ালয়ত দাখিল হৈছিল জনস্বাৰ্থ জড়িত আবেদন।
সেই PILৰে শুনানি গ্ৰহণ কৰি ন্যায়াধীশ ইউ ইউ ললিতৰে গঠিত বিচাৰপীঠে এই স্থিতি আগবঢ়ায়। হিন্দুসকলৰ কাৰণে জম্মু আৰু কাশ্মীৰ, মিজোৰাম, নাগালেণ্ড, মেঘালয়, অৰুণাচল, লক্ষদ্বীপ, লাডাখ, পঞ্জাব আৰু মণিপুৰত সংখ্যালঘুৰ মৰ্যাদা বিচাৰে আবেদনকাৰীয়ে। এই গোটেইকেইখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত খ্ৰীষ্টান, শিখ, মুছলমান নতুবা বৌদ্ধ ধৰ্মীয় লোক সংখ্যাগৰিষ্ঠ। আবেদনকাৰীয়ে লগতে ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ২৯ আৰু ৩০এ প্ৰদান কৰা ইচ্ছা অনুযায়ী সংখ্যালঘু শিক্ষানুষ্ঠান খোলাৰ অধিকাৰ হিন্দু সকললৈ সম্প্ৰসাৰণ কৰাৰ পোষকতা কৰে।
উল্লেখযোগ্য যে ১৯৯২ চনত কংগ্ৰেছ শাসিত কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় সংখ্যালঘু আইন প্ৰণয়ন কৰি সমগ্ৰ ভাৰততে মুছলমান, খ্ৰীষ্টান, শিখ, জৈন, পাৰ্চী, বৌদ্ধ ধৰ্মীয় লোকক ভাৰতৰ যিকোনো ঠাইত সংখ্যালঘুৰ মৰ্যাদা প্ৰদান কৰি থৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|