• Home
  • »
  • News
  • »
  • nation
  • »
  • Supreme Court India: দেশৰ নিৰ্বাচন আয়োগ আৰু কেন্দ্ৰীয় চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ জাননী, নিৰ্বাচনত ফ্ৰী ঘোষণাক লৈ প্ৰশ্ন

Supreme Court India: দেশৰ নিৰ্বাচন আয়োগ আৰু কেন্দ্ৰীয় চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ জাননী, নিৰ্বাচনত ফ্ৰী ঘোষণাক লৈ প্ৰশ্ন

ভাৰতৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনা, ন্যায়াধীশ এ এছ বোপান্না আৰু ন্যায়াধীশ হিমা কোহলীয়ে আবেদনখনৰ শুনানি গ্ৰহণ কৰাৰ লগতে এই বিচাৰপীঠে কয় যে আবেদনখনত এটা গুৰুতৰ বিষয় উত্থাপন কৰা হৈছে।

ভাৰতৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনা, ন্যায়াধীশ এ এছ বোপান্না আৰু ন্যায়াধীশ হিমা কোহলীয়ে আবেদনখনৰ শুনানি গ্ৰহণ কৰাৰ লগতে এই বিচাৰপীঠে কয় যে আবেদনখনত এটা গুৰুতৰ বিষয় উত্থাপন কৰা হৈছে।

ভাৰতৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনা, ন্যায়াধীশ এ এছ বোপান্না আৰু ন্যায়াধীশ হিমা কোহলীয়ে আবেদনখনৰ শুনানি গ্ৰহণ কৰাৰ লগতে এই বিচাৰপীঠে কয় যে আবেদনখনত এটা গুৰুতৰ বিষয় উত্থাপন কৰা হৈছে।

  • Share this:
নিৰ্বাচন (Election)ৰ সময়ত ৰাইজক বিনামূলীয়া সেৱা বা সামগ্ৰীৰ প্ৰতিশ্ৰুতি দিয়াক লৈ দেশত আৰম্ভ হৈছে নতুন বিতৰ্ক। বিষয়টো এতিয়া উচ্চতম ন্যায়ালয় (Supreme Court)ত উপনীত হৈছে। এখন আবেদনৰ শুনানি গ্ৰহণ কৰি দেশৰ উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰ আৰু ভাৰতীয় নিৰ্বাচন আয়োগলৈ (ECI) জাননী প্ৰেৰণ কৰিছে। আবেদনখনৰ জৰিয়তে ৰাজহুৱা ধন ব্যৱহাৰ কৰি বিনামূলীয়া ধন প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিয়া দলসমূহৰ নিৰ্বাচনী প্ৰতীকসমূহ জব্দ কৰিবলৈ আৰু দলবোৰৰ পঞ্জীয়ন বাতিল কৰাৰ নিৰ্দেশনা বিচৰা হৈছিল।

ভাৰতৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনা, ন্যায়াধীশ এ এছ বোপান্না আৰু ন্যায়াধীশ হিমা কোহলীয়ে আবেদনখনৰ শুনানি গ্ৰহণ কৰাৰ লগতে এই বিচাৰপীঠে কয় যে আবেদনখনত এটা গুৰুতৰ বিষয় উত্থাপন কৰা হৈছে। অৱশ্যে বিচাৰপীঠে লগতে আঙুলিয়াই দিয়ে যে আবেদনকাৰীয়ে কেৱল কেইটামান নিৰ্বাচিত পক্ষৰহে নাম উল্লেখ কৰিছে।

বাৰ এণ্ড বেঞ্চৰ মতে, বিজেপি নেতা তথা আবেদনকাৰী অশ্বিনী কুমাৰ উপাধ্যায়ে কেন্দ্ৰীয় চৰকাৰে এই বিষয়ত আইন প্ৰণয়ন কৰিব লাগে বুলি দাবী জনাইছে।

মুখ্য ন্যায়াধীশে কয়, "এইটো এটা গুৰুতৰ বিষয় আৰু বিনামূলীয়া বিতৰণৰ বাজেট নিয়মীয়া বাজেটতকৈ পৃথক। যদিও ই এক দুৰ্নীতিপূৰ্ণ কাৰ্য নহয়, ই বাস্তৱত বৈষম্যৰ সৃষ্টি কৰে।" চিজেআইয়ে কয়, "আপুনি শপতনামাত মাত্ৰ দুটা নাম অন্তৰ্ভুক্ত কৰিছে।" আবেদনখনত পঞ্জাৱ বিধানসভা নিৰ্বাচনত কৰা ঘোষণাৰ উদ্ধৃতি দিয়া হৈছে। ইয়াৰ ভিতৰত আছে আম আদমী পাৰ্টি, শিৰোমণি অকালি দল আৰু কংগ্ৰেছ।

আবেদনকাৰীয়ে কৈছে যে বিনামূলীয়া ঘোষণাবোৰ উদ্বেগজনক স্তৰত উপনীত হৈছে। উপাধ্যায়ে লগতে এইটোও ঘোষণা কৰিবলৈ আবেদন কৰিছিল যে নিৰ্বাচনৰ পূৰ্বে ৰাজহুৱা ধনৰ জৰিয়তে ভোটাৰসকলক আকৰ্ষিত কৰিবলৈ প্ৰতিশ্ৰুতি দিয়া বা বিনামূলীয়া বিতৰণ কৰাটো সংবিধানৰ অনুচ্ছেদ ১৪, ১৬২, ২৬৬(৩) আৰু ২৮২ ৰ উলংঘন।


আবেদনকাৰীৰ হৈ উপস্থিত থকা জ্যেষ্ঠ অধিবক্তা বিকাশ সিঙে কয় যে কিছুমান ৰাজ্য আছে যাৰ প্ৰতিজন ব্যক্তিৰ মূৰত ৩ লাখ টকাৰ ঋণৰ বোজা আছে আৰু তাৰ পাছতো বিনামূলীয়া ঘোষণা কৰা হৈছে। গোচৰটোত বিচাৰপীঠৰ দ্বাৰা এখন জাননী জাৰি কৰা হৈছে। এই আবেদনৰ পৰৱৰ্তী শুনানি ৪ সপ্তাহৰ পিছত হ'ব।

Published by:Manjumoni Borah
First published: