ৰাফেল সন্দৰ্ভত ‘চকীদাৰ চোৰ হ্যে’ মন্তব্যক লৈ বিপদত ৰাহুল গান্ধী

কংগ্ৰেছ অধ্যক্ষৰ বিৰুদ্ধে আদালত অৱমাননাৰ জাননী সৰ্বোচ্চ ন্যায়ালয়ৰ

news18assam
Updated:April 23, 2019, 1:17 PM IST
ৰাফেল সন্দৰ্ভত ‘চকীদাৰ চোৰ হ্যে’ মন্তব্যক লৈ বিপদত ৰাহুল গান্ধী
কংগ্ৰেছ অধ্যক্ষৰ বিৰুদ্ধে আদালত অৱমাননাৰ জাননী সৰ্বোচ্চ ন্যায়ালয়ৰ। অহা ৩০ এপ্ৰিলত ৰাফেল চুক্তিৰ পুনৰ বিবেচনা সন্দৰ্ভত শুনানি গ্ৰহণ কৰাৰ সময়তে ৰাহুল গান্ধীৰ আদালত অৱমাননা সন্দৰ্ভতো শুনানি গ্ৰহণ কৰা হ’ব।
news18assam
Updated: April 23, 2019, 1:17 PM IST
ৰাফেল চুক্তিৰ বিবাদত উচ্চতম ন্যায়ালয়ৰ মন্তব্য বিকৃত কৰি শলঠেকত পৰিছে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধী। দেশৰ প্ৰধানমন্ত্ৰীক সমালোচনা কৰিবলৈ গৈ উচ্চতম ন্যায়ালয়ক সাঙুৰি কিছুদিন পূৰ্বে টিপ্পনী কৰিছিল ৰাহুল গান্ধীয়ে।

ৰাহুলে কৈছিল এতিয়া উচ্চতম ন্যায়ালয়েও স্বীকাৰ কৰিছে যে ‘চকীদাৰেই চোৰ’। বিজেপি নেত্ৰী মীনাক্ষী লেখীয়ে ইয়াৰ পিছতে ৰাহুল গান্ধীৰ বিৰুদ্ধে আদালত অৱমাননাৰ অভিযোগ দাখিল কৰিছিল। সৰ্বোচ্চ ন্যায়ালয়ে জাৰি কৰা এক জাননীত ৰাহুলে এই মন্তব্য আৱেগৰ আতিশয্যত কৰাৰ স্পষ্টীকৰণ দিছিল কিন্তু ৰাহুলৰ এই উত্তৰত সন্তুষ্ট নহয় সৰ্বোচ্চ
ন্যায়ালয়।

অহা ৩০ এপ্ৰিলত ৰাফেল চুক্তিৰ পুনৰ বিবেচনা সন্দৰ্ভত শুনানি গ্ৰহণ কৰাৰ সময়তে ৰাহুল গান্ধীৰ আদালত অৱমাননা সন্দৰ্ভতো শুনানি গ্ৰহণ কৰা হ’ব।
আৰু চাওক পৰৱৰ্তী বাতৰি