মুখ্যপৃষ্ঠা »খবৰ »দেশ »প্ৰশান্ত ভূষণক ১ টকাৰ জৰিমনা উচ্চতম ন্যায়ালয়ৰ, অনাদায় হ'লে ৩ মাহৰ জে’ল

প্ৰশান্ত ভূষণক ১ টকাৰ জৰিমনা উচ্চতম ন্যায়ালয়ৰ, অনাদায় হ'লে ৩ মাহৰ জে’ল

পূৰ্বতে জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে উচ্চতম ন্যায়ালয়ৰ সন্মুখত ক্ষমা খুজিবলৈ অস্বীকাৰ কৰিছিল।

পূৰ্বতে জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে উচ্চতম ন্যায়ালয়ৰ সন্মুখত ক্ষমা খুজিবলৈ অস্বীকাৰ কৰিছিল।

পূৰ্বতে জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে উচ্চতম ন্যায়ালয়ৰ সন্মুখত ক্ষমা খুজিবলৈ অস্বীকাৰ কৰিছিল।

  • Share this:
আদালতক অৱমাননা কৰাৰ গোচৰত দোষী সাব্যস্ত জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত ভূষণক ১ টকাৰ জৰিমনা বিহিলে উচ্চতম ন্যায়ালয়ে। ন্যায়াধীশ অৰুণ মিশ্ৰৰে গঠিত তিনিজনীয়া বিচাৰপীঠে আজি শাস্তি ঘোষণা কৰে। শাস্তি ঘোষণা কৰি বিচাৰপীঠে ১ টকাৰ জৰিমনা বিহে প্ৰশান্ত ভূষণক।

১৫ ছেপ্টেম্বৰৰ ভিতৰত উচ্চতম ন্যায়ালয়ৰ পঞ্জীয়কৰ কাৰ্যালয়ত জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে ১ টকা জমা দিব লাগিব। তাকে নকৰিলে তেওঁ তিনি মাহৰ জে’ল খাটিবলগীয়া হ’ব পাৰে নতুবা তিনি মাহৰ কাৰণে অধিবক্তাৰ অনুজ্ঞাপত্ৰ কৰ্তন কৰা হ’ব পাৰে।

পূৰ্বতে জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে উচ্চতম ন্যায়ালয়ৰ সন্মুখত ক্ষমা খুজিবলৈ অস্বীকাৰ কৰিছিল। আজিৰ নির্দেশত উচ্চতম ন্যায়ালয়ে ভূষণক ক্ষমা খুজিবলৈ যথেষ্ট অৱকাশ দিয়া হৈছিল বুলিও কয়। ভূষণে ৰাজহুৱাভাৱে উচ্চতম ন্যায়ালয়ৰ একাংশ ন্যায়াধীশৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছিল।

শেহতীয়া বাতৰি